অসম

assam

ETV Bharat / bharat

ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত Mig-21

ৰাজস্থানৰ জয়ছালমেৰত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ এখন যুঁজাৰু বিমান (MIG-21 Crashed in Jaisalmer) ৷ দুৰ্ঘটনাগ্ৰস্ত বিমানখন মিগ-21 বুলি জানিব পৰা হৈছে ।

By

Published : Dec 25, 2021, 6:51 AM IST

MIG-21 crashes in Jaisalmer
ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত Mig-21

নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ :ৰাজস্থানৰ জয়ছালমেৰত শুকুৰবাৰে নিশা ভাৰতীয় সেনাৰ এখন মিগ-২১ বিমান দুৰ্ঘটনা (MIG-21 Crashed in Jaisalmer) ত পতিত হয় ৷ জয়ছালমেৰৰ চেমৰ ডিএনপি অঞ্চলত নিশা 8.30 বজাত দুৰ্ঘটনাত পতিত হয় বিমানখন ৷

বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী-প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অভিযান আৰম্ভ কৰে । দুৰ্ঘটনাত এজন সেনা জোৱান নিহত হোৱাৰ কথা জানিব পৰা হৈছে ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই জোৱানজনৰ পৰিচয় ৷

বৰ্তমানেও সন্ধানহীন হৈ আছে বিমানখনৰ পাইলট ৷ তেওঁৰ সন্ধানত উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অভিযান ৷ আনহাতে আন এটা উদ্ধাৰকাৰী দল সম্প্ৰতি জয়ছালমেৰলৈ ৰাওনা হোৱা বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক: Omicron Case in India: পুনৰ জাৰি সান্ধ্য আইন

ABOUT THE AUTHOR

...view details