তেজপুৰ, ৫ জানুৱাৰী:ভাৰতীয় বায়ুসেনাৰ Mig 21 বাইচন দুৰ্ঘটনাগ্রস্ত । এই তথ্য প্ৰদান কৰে ইষ্টাৰ্ণ কামাণ্ডাৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে । ৰাজস্থানৰ চুৰাটগঢ়াত মঙলবাৰে সন্ধিয়া প্ৰায় ৮.১৫ বজাত এই দুৰ্ঘটনা সংঘটিত হয় ।
দুৰ্ঘটনাত পতিত বায়ুসেনাৰ Mig 21 বাইচন:সুৰক্ষিত অৱস্থাত 2 পাইলট - পাইলট
ৰাজস্থানৰ চুৰাটগঢ়াত মঙলবাৰে সন্ধিয়া প্ৰায় ৮.১৫ বজাত এই দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ুসেনাৰ Mig 21 বাইচন ৷ প্ৰশিক্ষণ প্ৰদান কৰি থকা অৱস্থাত হঠাৎ বৈদ্যুতিক বিজুতি ঘটি বায়ু সেনাৰ যুঁজাৰু বিমানখন দুৰ্ঘটনাত পতিত ৷

দুৰ্ঘটনাত পতিত বায়ুসেনাৰ Mig 21 বাইচন:সুৰক্ষিত অৱস্থাত পাইলট-সহ পাইলট
প্ৰশিক্ষণ প্ৰদান কৰি থকা অৱস্থাত হঠাৎ বৈদ্যুতিক বিজুতি ঘটি বায়ু সেনাৰ যুঁজাৰু বিমানখন দুৰ্ঘটনাত পতিত হয় বুলি জানিবলৈ দিয়ে কামাণ্ডাৰগৰাকীয়ে । অৱশ্যে সুৰক্ষিত অৱস্থাত আছে পাইলট আৰু সহ পাইলট । আনহাতে বায়ুসেনাৰ তৰফৰ পৰা এই দুৰ্ঘটনাৰ বিষয়ে এক ন্যায়িক তদন্তৰ ঘোষণা কৰে বুলিও জানিবলৈ দিয়ে ইষ্টাৰ্ণ কামাণ্ডাৰৰ মুখপাত্ৰ উইং কামাণ্ডাৰ সিঙে ।