নেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰত উগ্ৰপন্থীক প্ৰতিহত কৰিবলৈ আৰক্ষীৰ আধুনিকীকৰণৰ বাবে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰে ২৪৮ কোটি টকাৰ পৰিকল্পনা(Jammu and Kashmir police modernisation plan) । আৰু এই পৰকল্পনাক অনুমোদন জনাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আয়োজন কৰে এক বিশেষ বৈঠকৰ(Union Home Ministry is calling a meeting) । উক্ত পৰিকল্পনাত আছে কেন্দ্ৰীয় শাসিত অঞ্চলত উগ্ৰবাদৰ বিৰুদ্ধে যুঁজিবলৈ জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ বাবে আধুনিক অস্ত্ৰ আৰু অন্যান্য সঁজুলিৰ বাবে পুঁজি মঞ্জুৰ কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে ।
আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বিষয়াসকলে উল্লেখ কৰা মতে জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ শক্তি আৰু সংখ্যা হ্ৰাস পোৱাৰ সময়তে এই পৰিকল্পনা উত্থাপন কৰা হৈছে । আৰক্ষীয়ে পৰিকল্পনাটোত উল্লেখ কৰিছে যে শেহতীয়া সময়চোৱাত জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ পৰা বহু পৰিমানৰ উন্নত প্ৰযুক্তিৰ অস্ত্ৰ আৰু সঁজুলি উদ্ধাৰ কৰা হৈছে(Militancy in Kashmir) । যাৰ বাবে তেওঁলোকক প্ৰতিহত কৰিবলৈ আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰয়োজন হৈছে । যাতে পৰৱৰ্তী সময়ত আৰক্ষীয়ে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব পাৰে ।