অসম

assam

ETV Bharat / bharat

Manipur Violence: মণিপুৰত শান্তি স্থাপন কৰাৰ অৰ্থে কেন্দ্ৰৰ মধ্যস্থতাকাৰী গোট গঠনৰ প্ৰয়াস

গৃহ মন্ত্ৰালয়ে মেইটেই পাংগল আৰু নগাৰ নিৰপেক্ষ সম্প্ৰদায়ৰ মধ্যস্থতাকাৰীসকলক মেইটেই আৰু কুকিসকলৰ মাজত শান্তি স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ ইতিমধ্যেই গঠন কৰা হৈছে এখন শান্তি সমিতি ৷

By

Published : Jul 14, 2023, 10:40 PM IST

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 14 জুলাই:মণিপুৰত অব্যাহত আছে জাতিগত হিংসা ৷ ইয়াৰ মাজতে গৃহ মন্ত্ৰালয়ে মেইটেই পাংগল আৰু নগাৰ (Meitei Pangal and Naga) নিৰপেক্ষ সম্প্ৰদায়ৰ মধ্যস্থতাকাৰীত মেইটেই আৰু কুকিসকলৰ মাজত শান্তি স্থাপনৰ বাবে প্ৰচেষ্টা চলাইছে ৷ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ এই দুটা সম্প্ৰদায়ৰ নেতাসকলক কুকি আৰু মেইটেই নেতাসকলৰ সৈতে আলোচনা কৰিবলৈ আৰু 3 মে’ৰ পৰা অব্যাহত থকা এই চলিত হিংসাৰ সমাপ্তি ঘটাবলৈ আহ্বান জনাইছে ৷

গৃহ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই ইটিভি ভাৰতক কয়, "মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ইতিমধ্যে মণিপুৰ মুছলিম কল্যাণ সংস্থা (Manipur Muslim Welfare Organisation) আৰু নগা সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে বুধবাৰে কথা পাতি তেওঁলোকক কুকি আৰু মেইটেইৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে ৷’’

মেইটেই পাংগল হৈছে মণিপুৰৰ থলুৱা মুছলমান সম্প্ৰদায় । ই মণিপুৰত বাস কৰা চাৰিটা মুখ্য জনগোষ্ঠী মেইটেই, নগা আৰু কুকিসকলৰ মাজত আছে ৷ মণিপুৰৰ উপত্যকা অঞ্চলত মেইটেইৰ পিচত এই মুছলমান সম্প্ৰদায়টো দ্বিতীয় সৰ্ববৃহৎ জাতি ৷

আনহাতে, মেইটেইসকলৰ পিচত নগাসকল হৈছে বৃহত্তম জাতিগত গোট ৷ কুকিসকল আছে তৃতীয় স্থানত ৷ নগা আৰু কুকিসকল মুখ্যতঃ খ্ৰীষ্টান আৰু অনুসূচীত জনজাতিৰ (এছটি) মৰ্যাদা উপভোগ কৰে ৷ মণিপুৰৰ মেইটেইসকলে জনসংখ্যাৰ প্ৰায় 53 শতাংশ প্ৰতিনিধিত্ব কৰে, নগাসকলে কমেও 24 শতাংশ আৰু বিভিন্ন কুকি/জ’ জনজাতিয়ে 16 শতাংশ প্ৰতিনিধিত্ব কৰে ৷ ৰাজ্যখনৰ মুছলমান জনসংখ্যা প্ৰায় 8.40 শতাংশ ৷

তাৎপৰ্যপূৰ্ণভাৱে, বৰ্তমানৰ সংকটত মেইটেই পাংগল আৰু নগাসকলৰ নিৰপেক্ষ স্থিতিৰ বাবে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বাধ্য কৰা হৈছে ৷ এই দুটা গোটে পূৰ্বে ৰাজ্যখনৰ বিভিন্ন সংঘৰ্ষত শান্তি ঘূৰাই অনাৰ ভূমিকা পালন কৰিছিল । মেইটেই পাংগল আৰু নগা সম্প্ৰদায়ে ইতিমধ্যে মণিপুৰত এক শান্তি সমিতি গঠন কৰিছে ৷ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া কিমান ফলপ্ৰসূ হ’ব সেয়া সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:Manipur violence: স্থায়ী শান্তি বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক ব্যৱস্থা ল’বলৈ মণিপুৰৰ 31 বিধায়কৰ আহ্বান

ABOUT THE AUTHOR

...view details