নেশ্বনেল ডেস্ক, 4 অক্টোবৰ :দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত হিংসাত্মক ঘটনাৰ ফলত আঠজনে প্ৰাণ হেৰুৱাইছিল । ইয়াৰ পিছতে কেন্দ্ৰই খেৰীত চাৰিটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) মোতায়েন কৰিছে ৷ উত্তৰ প্ৰদেশ চৰকাৰৰ অনুৰোধৰ পিছত দেওবাৰে গৃহ মন্ত্ৰণালয়ৰ (MHA) পৰা জাৰি কৰা নিৰ্দেশ অনুসৰি, উত্তৰ প্ৰদেশ আৰক্ষীৰ সহায়ত অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে তাৎক্ষণিকভাৱে ৬ অক্টোবৰলৈকে লখিমপুৰ খেৰীত ৰেপিড একচন ফ'ৰ্চ (আৰএএফ) আৰু সশস্ত্ৰ সীমা বলৰ (এছএছবি)ৰ দুটাকৈ CAPF কোম্পানী মোতায়েন কৰা হ'ব ।
নিৰ্দেশটোৰ ঠিক পিছতে, দেওবাৰে সন্ধিয়াৰ ভিতৰত এটা আৰএএফ আৰু দুটা এছএছবি কোম্পানী মোতায়েন কৰা হৈছিল ৷ আৰএএফৰ আনটো দলো ঘটনস্থলীলৈ ৰাওনা হৈছে ৷ সোমবাৰে সন্ধিয়াৰ ভিতৰত যিকোনো সময়তে লখিমপুৰ খেৰীত উপস্থিত হ'ব দলটো ৷ নাম প্ৰকাশত অনিচ্ছুক এক চৰকাৰী সূত্ৰই সংবাদ মাধ্যমক জনায় যে, গৃহ মন্ত্ৰালয়ৰ প্ৰাৰম্ভিক নিৰ্দেশ অনুসৰি, আৰএএফ আৰু এছএছবি দুয়োটা কোম্পানী ৬ অক্টোবৰলৈকে লখিমপুৰ খেৰীত নিয়োজিত কৰা হ'ব ৷ সূত্ৰটোৱে দাবী কৰা মতে, প্ৰয়োজন অনুসৰি এই নিয়োজন বৃদ্ধি বা হ্ৰাস কৰা হ’ব পাৰে ।