নেশ্যনেল ডেস্ক, 2 জুলাই :মহাৰাষ্ট্ৰৰ শোকাৱহ বুলধানা দুৰ্ঘটনাত মৃত্যু হোৱা 24 জন লোকৰ আজি সম্পন্ন হ’ব শেষকৃত্য ৷ বুলধনাতেই আটাইকেইজনৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে । তাৰ বাবে 24 টা মৃতদেহ বুলধানাৰ শ্মশানলৈ অনা হৈছে । উক্ত স্থানত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা তথা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম কৰি ৰখা হৈছে বৃহৎ আৰক্ষী । সমগ্ৰ শ্মশানখন আৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছে বুলি জানিবলৈ পৰা গৈছে ।
শ্মশান অঞ্চলটো এটা আৰক্ষী ছাউনীলৈ পৰিণত হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । সিন্ধখেদ ৰাজাৰ সমীপত সংঘটিত বাছ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় 25 জন লোকৰ ৷ আটাইকেইটা মৃতদেহৰে আজি ধৰ্মীয় ৰীতি-নীতিৰে সৎকাৰ কৰা হ’ব । বুলধনা পৌৰসভাৰ উপ মুৰব্বী দিগম্বৰ সাথে এই সন্দৰ্ভত কয়, 'দুৰ্ঘটনাত মৃত্যু হোৱা মৃতদেহবোৰ নিজৰ নিজৰ ৰীতি-নীতিৰে শেষকৃত্য কৰা হ’ব ।'