অসম

assam

ETV Bharat / bharat

NCP New Executive President : এনচিপিৰ নতুন কাৰ্যকৰী সভাপতি ঘোষণা - এনচিপিৰ নতুন কাৰ্যকৰী সভাপতি ঘোষণা

দিল্লীত অনুষ্ঠিত হৈছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস (NCP Anniversary)। এই সময়তে দলৰ নতুন কাৰ্যকৰী সভাপতি ঘোষণা কৰে শৰদ পাৱাৰে । প্ৰফুল পেটেল আৰু সুপ্ৰিয়া চুলেক দলৰ নতুন কাৰ্যকৰী সভাপতি পদত নিযুক্তি ।

NCP New Executive President
এনচিপিৰ নতুন কাৰ্যকৰী সভাপতি ঘোষণা

By

Published : Jun 10, 2023, 2:09 PM IST

Updated : Jun 10, 2023, 3:31 PM IST

নেশ্যনেল ডেস্ক,১০ জুন :প্ৰফুল পেটেল আৰু সুপ্ৰিয়া চুলেক নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ নতুন কাৰ্যকৰী সভাপতি পদত নিযুক্তি (NCP new working president)। শনিবাৰে দলৰ মুৰব্বী শৰদ পাৱাৰে দুয়োগৰাকী নেতাৰ নাম ঘোষণা কৰে । দলটোৰ ২৫ তম প্ৰতিষ্ঠা দিৱসত এই ঘোষণা কৰে নেতাগৰাকীয়ে (NCP anniversary)। এনচিপিৰ এগৰাকী প্ৰতিভাশালী নেতা অজিত পাৱাৰৰ উপস্থিতিত এই ঘোষণা কৰা হয় ।

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই দলৰ সভাপতি শৰদ পাৱাৰে এই বৃহৎ ঘোষণা কৰাৰ লগে লগে দেশজুৰি ব্যাপক চৰ্চা হৈছে । শৰদ পাৱাৰে কন্যা তথা সাংসদ সুপ্ৰিয়া চুলেক কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়াৰ লগতে মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু পঞ্জাৱৰ দায়িত্ব অৰ্পণ কৰিছে । প্ৰফুল পেটেলকো দিয়া হৈছে কাৰ্যকৰী সভাপতিৰ দায়িত্ব ।

ইফালে শৰদ পাৱাৰৰ এই ঘোষণাক অজিত পাৱাৰৰ বাবে এক বৃহৎ বিফলতা হিচাপে গণ্য কৰা হৈছে । কিয়নো ৰাজনৈতিক বিশ্লেষকসকলে বিশ্বাস কৰিছিল যে অজিত পাৱাৰ নিজেই দলৰ সভাপতি পদৰ দাবীদাৰ আছিল কিন্তু তেওঁ বৰ্তমান মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলৰ নেতা ।

শেহতীয়াকৈ, এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে দলৰ মুৰব্বীৰ দায়িত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল । কিন্তু পাছত কৰ্মীসকল অসন্তুষ্ট হোৱাত আৰু নেতাসকলে অনুৰোধ কৰাৰ পাছত তেওঁ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে । এতিয়া হাইকামাণ্ডে দলটোত দুগৰাকী নতুন কাৰ্যকৰী সভাপতি নিযুক্তি দিয়াত দেশজুৰি চৰ্চা আৰম্ভ হৈছে ।

ইফালে আজি নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ২৫ তম প্ৰতিষ্ঠা দিৱস । দলীয় কৰ্মী তথা নেতাসকলক সম্বোধন কৰি দলৰ মুৰব্বী শৰদ পাৱাৰে কয় যে দলটোক শক্তিশালী কৰিবলৈ সকলোৱে কঠোৰ পৰিশ্ৰম কৰিব লাগিব (Sharad Pawar on NCP anniversary)। সেয়েহে, সুপ্ৰিয়া চুলে আৰু প্ৰফুল পেটেলক কাৰ্যকৰী সমিতিৰ সভাপতি নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

লগতে পঢ়ক :IMA Passing Out Parade 2023 : পাছিং আউট পেৰেডত মিত্ৰদেশৰো ৪২ গৰাকী কেডেটৰ অংশগ্ৰহণ

Last Updated : Jun 10, 2023, 3:31 PM IST

ABOUT THE AUTHOR

...view details