অসম

assam

By

Published : Feb 17, 2023, 10:07 PM IST

ETV Bharat / bharat

Food Poisoning in Maharashtra: মহাৰাষ্ট্ৰত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত শতাধিক শিশু

শিৰডি ভ্ৰমণলৈ যোৱা মহাৰাষ্ট্ৰৰ শতাধিক শিক্ষাৰ্থী খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত । বমি আৰু জ্বৰত আক্ৰান্ত শিশুকেইটাক শিৰডিৰ সাইনাথ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । অৱশ্যে শিশুকেইটাৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে (MH School children suffer from food poisoning) ।

খাদ্যৰ বিষক্ৰিয়া
Food Poisoning in Maharashtra

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ শিৰডিলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা এটি স্কুলীয়া শিশুৰ দল খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হয় (Amravati students to Shirdi got food poisoning) । জানিব পৰা মতে, এই বিষক্ৰিয়াৰ ফলত প্ৰায় এশ শিশু চিকিৎসালয়ত ভৰ্তি হ'বলগা হৈছে । অৱশ্যে চিকিৎসকে জনোৱা মতে, আক্ৰান্ত আটাইকেইটা শিশুৰেই শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ । কিন্তু ডায়েৰিয়া আৰু বমিৰ বাবে শিশুসকলক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে । উল্লেখ্য, অমৰাৱতীৰ পৰা শিৰডি ভ্ৰমণৰ বাবে যোৱা প্ৰায় এশজন শিক্ষাৰ্থী খাদ্যত বিষক্ৰিয়াত আক্ৰান্ত হয় (MH School children suffer from food poisoning) ।

অমৰাৱতী জিলাৰ দৰিয়াপুৰ য়েথিল আদৰ্শ উচ্চ বিদ্যালয়ৰ (Daryapur Yethil Adarsh High School in Amravati) ছাত্ৰ-ছাত্ৰীসকল দুদিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হৈছিল । শিৰডিলৈ যোৱাৰ পূৰ্বে তেওঁলোকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল আৰু তাৰ পিচত সাই বাবা মন্দিৰলৈ গৈছিল । তাৰ পিচত দেৱগড়ত নিশা কটাওঁতে শিশুকেইটাৰ বমি আৰু ডায়েৰিয়া আৰম্ভ হয় । ইয়াৰে কিছু সংখ্যক শিক্ষাৰ্থীৰ অৱস্থা অধিক শোচনীয় হয় । তাৰ পিচত শিক্ষকসকলে তেওঁলোকক ততাতৈয়াকৈ নিশাতেই শিৰডিৰ সাইনাথ চিকিৎসালয়ত ভৰ্তি কৰায় (Sainath Hospital in Shirdi) ।

ইয়াৰে কিছুমান শিশুৱে জ্বৰ আৰু ঠাণ্ডালগাৰ দৰে লক্ষণ দেখুৱাওৱাত চিকিৎসালয়খনে সকলো শিক্ষাৰ্থীক আগতীয়া সাৱধানতা হিচাপে নিজৰ পৰ্যবেক্ষণত ৰাখে । গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তত্ত্বাৱধায়ক শিক্ষকজনে প্ৰকাশ কৰে যে শিশুকেইটাই বাহিৰত একো খোৱা নাই । লগতে কয় যে, খাদ্য প্ৰস্তুতকৰণ সামগ্ৰীবোৰ তেওঁলোকৰ ওচৰত আছে । কিন্তু পানীৰ পৰিৱৰ্তনৰ ফলত তেওঁলোকে বমি কৰে আৰু শিক্ষকজনে লগতে কয় যে ই খাদ্যৰ বিষক্ৰিয়াৰ দৰে ।

অৱশ্যে শেহতীয়া তথ্য মতে, শিশুসকলৰ অৱস্থা সুস্থিৰ আৰু আক্ৰান্ত আটাইকেইগৰাকী শিশুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে ভ্ৰমণটোত ২২৭ জন শিক্ষাৰ্থী আছে আৰু তেওঁলোকৰ ভিতৰত ১০০ জনে এই সমস্যাত ভুগিছে । আনহাতে, কেইগৰাকীমান শিক্ষককো চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে । কিয়নো তেওঁলোকেও খাদ্যৰ বিষক্ৰিয়াৰ দৰে লক্ষণ অনুভৱ কৰে ।

লগতে পঢ়ক :2 Men burnt alive in Bhiwani: হাৰিয়ানাত ৰহস্যজনকভাৱে জীৱন্তে অগ্নিদগ্ধ দুজন

For All Latest Updates

ABOUT THE AUTHOR

...view details