অসম

assam

Molestation in Maharashtra: মাতৃক যৌন নিৰ্যাতন চলাই চলন্ত বাহনৰ পৰা দলিয়ালে দহ মহীয়া শিশুক

By

Published : Dec 11, 2022, 11:15 AM IST

চলন্ত গাড়ীত মহিলাক যৌন নিৰ্যাতন চলোৱাৰ এক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ ঘাইপথত । মহিলাগৰাকীয়ে শিশুসহ পেলহাৰৰ পৰা ৱাডা তহচিলৰ পোশ্বেৰেলৈ এখন কেবত উভতি অহাৰ সময়তেই সংঘটিত হৈছে এই জঘন্য় ঘটনাটো (molesting case in cab at Mumbai)।

molesting crine in Maharashtra
মহাৰাষ্ট্ৰত পুনৰ চলন্ত গাড়ীত মহিলাক যৌন নিৰ্যাতন

নেশ্য়নেল ডেস্ক, ১১ডিচেম্বৰ: মহাৰাষ্ট্ৰত চলন্ত গাড়ীত মহিলাক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে (Molesting ase registered at PS Mandvi in Palghar)। এইবাৰ মুম্বাই-আহমেদাবাদ ঘাইপথত চলন্ত গাড়ীত এগৰাকী মহিলাক যৌন উৎপীড়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্য়ে এই সন্দৰ্ভত বিজয় কুশৱাহাৰ নামৰ এজন চালকৰ বিৰুদ্ধে পালঘৰ জিলাৰ মাণ্ডৱী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৩০৪ আৰু ৩৫৪ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে (Case registered in PS Mandvi)।

ঘটনাৰ বিৱৰণি অনুসৰি মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ ঘাইপথত শনিবাৰে পুৱা এখন কেবৰ পৰা দলিয়াই দিয়াৰ ফলত এটি দহ মহীয়া কন্য়া শিশুৰ মৃত্যু হয় (Mumbai Ahmedabad Highway)। উল্লেখ্য় যে, শনিবাৰে পুৱা শিশুটিৰ মাতৃক কেব চালক আৰু কেইজনমান সহযাত্ৰীয়ে যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । চালকজনে মহিলাগৰাকীৰ লগতে শিশুটিক কেবৰ পৰা গতিয়াই দিয়াৰ পিছতেই শিশুটিৰ মৃত্যু হয় । মহিলাগৰাকী বৰ্তমান এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

এই প্ৰসংগত এজন আৰক্ষী বিষয়াই কয় যে, মহিলাগৰাকী আৰু তেওঁৰ শিশুটিয়ে পেলহাৰৰ পৰা ৱাডা তহচিলৰ পোশ্বেৰেলৈ এখন কেবত উভতি আছিল । বাটত কেব চালক আৰু কেইজনমান সহযাত্ৰীয়ে মহিলাগৰাকীক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে । যেতিয়া মহিলাগৰাকীয়ে প্ৰতিৰোধ কৰিছিল তেতিয়া তেওঁলোকে শিশুটিক কাঢ়ি নি দ্ৰুতবেগী কেবৰ পৰা দলিয়াই দিছিল বুলি কয় (MH Palghar police filed case against cab driver) ।

ইয়াৰ পিছতেই মহিলাগৰাকীক বাহনখনৰ পৰা গতিয়াই দিয়া হৈছিল । ফলত তেওঁৰ লগতে শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ফলত শিশুটিৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলিও বিষয়াগৰাকীয়ে কয় । ইয়াৰ পিছতেই এই ঘটনা সন্দৰ্ভত মাণ্ডৱী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয় । আৰক্ষীয়ে অপৰাধীসকলৰ অনুসন্ধান চলাই আছে যদিও অচিনাক্ত হোৱা নাই বুলিও বিষয়াগৰাকীয়ে কয় ।

লগতে পঢ়ক:AASU Swahid Divas at Sonari : অসম আন্দোলনৰ সময়তকৈ অসমৰ আজিৰ পৰিৱেশ বেছি ভয়ানক: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details