নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ :হায়দৰাবাদস্থিত নিজামৰ ২৫০ কোটি টকাৰ বিতৰ্কিত সম্পত্তি দেওবাৰে চৰকাৰে ছীল কৰিলে । জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে হায়দৰাবাদৰ মহাবালেশ্বৰৰ সম্পত্তিখিনি ছীল কৰা হয় । উক্ত প্ৰায় ১৫ একৰ ভূমি আৰু এটা বিলাসী উডলেণ্ড বাংলোৰ মালিকীস্বত্বক লৈ দীৰ্ঘদিন ধৰি বিতৰ্ক হৈ আছিল । এই বিতৰ্ক বন্ধ কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে সম্পত্তিখিনি খালী কৰে আৰু পৰৱৰ্তী নিৰ্দেশ লৈকে ইয়াক ছীল কৰে (Maharashtra government sealed Nizam property)।
দেওবাৰে এক অভিযান চলায় মূল বাংলো আৰু চাৰিওফালৰ কৰ্মচাৰী কোৱাৰ্টাৰবোৰ প্ৰশাসনে ছীল কৰে । মহাবালেশ্বৰৰ তহচিলদাৰ সুষমা চৌধুৰী পাটিলৰ নেতৃত্বত এই অভিযানটো চলোৱা হৈছিল । প্ৰাক্তন মেয়ৰ স্বপ্নালী চিন্দে আৰু তেওঁৰ স্বামী কুমাৰ চিন্দে মেনিও দীৰ্ঘদিন ধৰি মুখ্য বাংলোৰ ষ্টাফ কোৱাৰ্টাৰ এডজাষ্টমেণ্টত বাস কৰি আছে । শনিবাৰে এক নিৰ্দেশযোগে তেওঁলোককো ঘৰ খালী কৰিবলৈ কোৱা হৈছিল (Nizam disputed property sealed)।
উল্লেখ্য যে এই বিতৰ্কিত সম্পত্তিটো ব্ৰিটিছ যুগৰ । যিটো পাৰ্চী উকীলসকলক লীজত দিয়া হৈছিল । ১৯৫২ চনত স্বাধীনতাৰ পাছত, এই সম্পত্তি হায়দৰাবাদৰ নিজাম নৱাব মীৰ ওচমান আল্লি খানক হস্তান্তৰ কৰা হয় । যিহেতু তেওঁৰ আয়কৰ বকেয়া আছিল ৫৯ লাখ ৪৭ হাজাৰ টকা । যেতিয়ালৈকে ধনখিনি পৰিশোধ কৰা নহয় সম্পত্তিখিনি বিক্ৰী, বন্ধকী আদি নিষিদ্ধ কৰা হৈছিল । অৱশ্যে কৰৰ সমস্যাবোৰ পাছত সমাধান কৰা হৈছিল ।