নেশ্যনেল ডেস্ক, 7 ছেপ্টেম্বৰ : দেশজুৰি দুদিনীয়াকৈ পালন কৰা হৈছে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ৷ ভগৱান কৃষ্ণৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মুম্বাই আৰু মহাৰাষ্ট্ৰৰ অন্যান্য অংশত পৰম্পৰাগত দধি (দহি)-হাণ্ডি উৎসৱ উদযাপন কৰা হয় ৷ পুৱাৰে পৰা নিশালৈকে আয়োজন কৰা হয় এই দধি-হাণ্ডি উৎসৱ ৷ ইয়াৰ আনন্দ স্ফুৰ্তিৰ মাজতে পৰম্পৰাগত দধি-হাণ্ডিত অংশগ্ৰহণ কৰি মুম্বাইত 77 গৰাকী আহত হোৱাৰ বিপৰীতে থানেত আহত 11 গৰাকী লোক আহত হয় ৷
চহৰখনৰ বিভিন্ন স্থানত এই দধি-হাণ্ডি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা "গোবিন্দ গোট"বোৰৰ বাবে নগদ পুৰস্কাৰ ঘোষণা কৰা হয় ৷ যিটো গোটে এই প্ৰতিযোগিতাত দধিৰ হাণ্ডি ভঙাত সফল হয় সেইসমূহ গোটক প্ৰদান কৰা হয় এই পুৰস্কাৰ ৷ গোটসমূহে মানৱ পিৰামিড গঠন উঠাৰ সময়তে বহু লোকে পৰি আঘাতপ্ৰাপ্ত হোৱাৰো সম্ভাৱনা থাকে ৷
আজি বিয়লি বৃহন্মুম্বাই পৌৰ নিগমৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি সন্ধিয়া 6 বজালৈকে উপলব্ধ তথ্য অনুসৰি, মুম্বাইত দধি-হাণ্ডি উদযাপনৰ সময়ত কমেও 77 জন গোবিন্দ আঘাতপ্ৰাপ্ত হৈছিল ৷ তেওঁলোকৰ ভিতৰত 25 জনক চহৰখনৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে 18 গৰাকীক চিকিৎসাৰ পিচত অব্যাহতি দিয়া হৈছিল, আনহাতে আন সাতজনক নতুনকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ তেওঁ লগতে কয় যে আহত অন্য 52 গৰাকীক ৰাজ্যিক পৰিচালিত আৰু পৌৰ চিকিৎসালয়ৰ বহিঃৰোগী বিভাগত (অ'পিডি) চিকিৎসাধীন কৰা হৈছে ৷