নেশ্যনেল ডেস্ক, 25 জানুৱাৰী:দেশৰ বানিজ্য কেন্দ্ৰীক প্ৰধান চহৰমুম্বাইতো এতিয়া সোণৰ এখন চোৰাং বজাৰ গঢ় লৈ উঠিছে ৷ বুধবাৰে কালবাদেৱীত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডিআৰআই) সোণৰ চোৰাং ব্যৱসায়ীৰ এটা ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে। বুধবাৰে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কালবাদেৱীৰ ধনজী ষ্ট্ৰীটত এক তালাচী অভিযান চলাই প্ৰায় 22 কোটি টকা মূল্যৰ (Gold worth 22crore seized) 37 কিলোগ্ৰাম সোণৰ (37 kg smuggled gold) লগতে নগদ 2.35 কোটি টকা জব্দ কৰিবলৈ সক্ষম হয় ৷
এই অভিযানৰ সন্দৰ্ভত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (The Directorate of Revenue Intelligence) বিষয়াসকলে কয় যে এক গোপন সূত্ৰৰ তথ্য অনুসৰি বিগত কেইবামাহ ধৰি সমগ্ৰ দেশজুৰি বিদেশী নাগৰিকে সোণৰ চোৰাং ব্যৱসায় চলাই অহা বুলি খবৰ লাভ কৰা হৈছিল (DRI busted gold smuggling) ৷ এই তথ্যৰ ভিত্তিতেই ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলে চোৰাং চক্ৰটোক পুংখানুপুংখকৈ নিৰীক্ষণ কৰি আহিছিল ৷
ইয়াৰ পিছতে শেহতীয়াকৈ কিছু সন্দেহযুক্ত বিদেশী নাগৰিকে নিৰন্তৰে ভাৰতলৈ আহি থকাও পৰিলক্ষিত কৰিছিল নিৰীক্ষণকাৰী দলটোৱে ৷ বিদেশী নাগৰিকসকলে ভাৰতলৈ আহি কোন কোন ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিছিল সেই বিষয়েও তথ্য সংগ্ৰহ কৰিছিল চোৰাংচোৱা বিষয়াসকলে ৷