অসম

assam

ETV Bharat / bharat

মিজোৰামৰ ছৈৰাঙ দিনথাৰত নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছনৰ খেলপথাৰ উদ্বোধন - মিজোৰাম ফুটবল এছ'চিয়েছন

মঙলবাৰে নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছন খেলপথাৰ উদ্বোধন কৰিলে ক্ৰীড়া মন্ত্ৰী ৰবাৰ্ট ৰ'মাৱিয়া ৰৈতেই । ফুটবলৰ আন্তৰ্জাতিক পৰিচালনা সংস্থাৰ দ্বাৰা পুঁজিৰ যোগান ধৰা ফিফা ফৰৱাৰ্ড প্ৰকল্পৰ এক অংশ হিচাপে মিজোৰামৰ ছৈৰাঙত এই খেলপথাৰখন নিৰ্মাণ কৰা হৈছে ।

মিজোৰামৰ ছৈৰাঙত নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছন খেলপথাৰ উদ্বোধন
মিজোৰামৰ ছৈৰাঙত নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছন খেলপথাৰ উদ্বোধন

By

Published : Mar 10, 2021, 1:40 PM IST

নেশ্যনেল ডেস্ক, ১০ মাৰ্চ: ফুটবলৰ আন্তৰ্জাতিক পৰিচালনা সংস্থাৰ দ্বাৰা আবণ্টিত পুঁজিৰে ফিফা ফৰৱাৰ্ড প্ৰকল্পৰ এক অংশ মিজোৰামৰ ছৈৰাঙ দিনথাৰত নতুনকৈ নিৰ্মাণ কৰা হৈছে মিজোৰাম ফুটবল এছ'চিয়েছনৰ খেলপথাৰ । মঙলবাৰে ক্ৰীড়া মন্ত্ৰী ৰবাৰ্ট ৰ'মাৱিয়া ৰৈতেই এই খেলপথাৰখন উদ্বোধন কৰে । নতুন খেলপথাৰ উদ্বোধনী কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক তৃণমূল ফুটবল উৎসৱৰ আয়োজন কৰা হয় ।

মিজোৰামৰ ছৈৰাঙত নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছন খেলপথাৰ উদ্বোধন

এই অনুষ্ঠানত ৫০ গৰাকী শিশুৱে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে এক প্ৰদৰ্শনী খেলত অংশগ্ৰহণ কৰে । খেলপথাৰ উদ্বোধনী কাৰ্যসূচীত প্ৰবীণ ফুটবল খেলুৱৈসকলেও প্ৰদৰ্শনী খেলত অংশগ্ৰহণ কৰে । মিজোৰাম ফুটবল এছ'চিয়েছনৰ খেলপথাৰখনৰ খেলিব পৰা ঠাইৰ ব্যাসাৰ্ধ ১০৫x৬৮ মিটাৰ আৰু টাৰ্ফ এলেকা ১১১x৭৪ মিটাৰ । মূখ্য প্ৰৱেশদ্বাৰত ১৫x১০ ফুটৰ এটা ষ্ট'ৰ কোঠাও নিৰ্মাণ কৰা হৈছে । খেলপথাৰখন সুন্দৰকৈ ৰাখিবলৈ বহু সঁজুলিৰো ব্যৱস্থা কৰা হৈছে ।

মিজোৰামৰ ছৈৰাঙত নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছন খেলপথাৰ উদ্বোধন

ক্ৰীড়া মন্ত্ৰী ৰবাৰ্ট ৰ'মাৱিয়া ৰৈতে কৃতজ্ঞতা প্ৰকাশ কৰি কয়, "এজন ফুটবল প্ৰেমী হিচাপে মই আনন্দিত যে, মই ফিফাৰ সহায়ত নিৰ্মাণ কৰা এখন খেলপথাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছো । ইয়াৰ বাবে মই এআইএফএফ আৰু এফএফএৰ প্ৰতি কৃতজ্ঞ" । লগতে প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয় আৰু কেইবাটাও উপ-শাখাৰ মুখ্য কাৰ্যালয়ত খেলপথাৰ স্থাপনৰ বিষয়টো নিশ্চিত কৰাৰ আশ্বাস দিয়ে । তেওঁ কয় যে, মিজোৰামত ২৪খন কৃত্ৰিম টাৰ্ফ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু ই সমগ্ৰ ভাৰততে এক অভিলেখ সৃষ্টি কৰিব ।

মিজোৰামৰ ছৈৰাঙত নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছন খেলপথাৰ উদ্বোধন

মিজোৰাম ফুটবল এছ'চিয়েছনৰ সভাপতি লাল থনজাৰাই উদ্বোধনী অনুষ্ঠানত অংশ লৈ কয় যে, মিজোৰাম ফুটবল এছ'চিয়েছনৰ খেলপথাৰ এম এফ এ, ডি এফ এ, জ'ন এফ এ, খেলুৱৈ আৰু সকলো বিষয়ববীয়াৰ সমূহীয়া প্ৰচেষ্টাৰ ফল । আনহাতে, মিজোৰাম ফুটবল এছ'চিয়েছনৰ সম্পাদক লালঙিংল'ভা হমাৰে মিজোৰাম ফুটবল এছ'চিয়েছনৰ সকলো সদস্য, বিষয়ববীয়া, খেলুৱৈৰ লগতে ছৈৰাঙ দিনথাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । ৮০ লাখ টকা ব্যয়েৰে ধান খেতি কৰা কৃষিভূমিত খেলপথাৰখন নিৰ্মাণ কৰা হৈছে ।

মিজোৰামৰ ছৈৰাঙত নৱনিৰ্মিত মিজোৰাম ফুটবল এছ'চিয়েছন খেলপথাৰ উদ্বোধন

ফিফাৰ দক্ষিণ এছিয়া উন্নয়ন বিষয়া প্ৰিন্স ৰুফুছ, সৰ্বভাৰতীয় ফুটবল এছ'চিয়েছনৰ সভাপতি প্ৰফুল পেটেলো উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকে । দেশৰ প্ৰতিটো কোণতে খেলৰ বিকাশৰ বাবে এআইএফএফ প্ৰতিশ্ৰুতিবদ্ধ আৰু মিজোৰামৰ খেলুৱৈসকলৰ ফুটবল খেলৰ প্ৰতি থকা আগ্ৰহৰ বিষয়ে তেওঁলোক অৱগত । বিগত কেইবা বছৰ ধৰি মিজোৰামত বহুতো প্ৰতিভা থকাৰ উমান পোৱা গৈছে আৰু মিজোৰামৰ খেলুৱৈয়ে আন্তৰ্জাতিক ফুটবল খেলুৱৈ হিচাপে ভাৰতৰ বাবে সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

কৃত্ৰিম টাৰ্ফে মিজোৰামৰ ফুটবল খেলুৱৈসকলক উপকৃত কৰিব বুলি আশাবাদী সৰ্বভাৰতীয় ফুটবল এছ'চিয়েছনৰ সভাপতিগৰাকী । মিজোৰামৰ বৰ্তমানৰ আৰু ভৱিষত্যৰ খেলুৱৈৰ বাবে ফিফা ফৰৱাৰ্ড প্ৰকল্পই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে সৰ্বভাৰতীয় ফুটবল এছ'চিয়েছনৰ সম্পাদক কুশল দাসে । লগতে খেলুৱৈসকলৰ অনুশীলনৰ ক্ষেত্ৰত এই খেলপথাৰ সহায়ক হিচাপে বিবেচিত হ'ব বুলিও তেওঁ মন্তব্য কৰে । ভাৰতীয় ফুটবল খেলুৱৈসকলৰ প্ৰতি ফিফাই আগবঢ়োৱা সহায় আৰু সমৰ্থনৰ বাবে মিজোৰাম ফুটবল এছ'চিয়েছনৰ হৈ সম্পাদকগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে ।



লগতে পঢ়ক:পুনৰ মিজোৰামত কৰ'ণাত আক্ৰান্ত হৈছে ৪ গৰাকী লোক

ABOUT THE AUTHOR

...view details