নেশ্যনেল ডেস্ক,৩০ মাৰ্চ :ভাৰতত প্ৰথমটো চৰকাৰী ভ্ৰমণৰ কাৰ্যসূচীৰে উপস্থিত মেক্সিকোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাৰ্চেলো ইব্ৰাৰ্ড কাচাউবন (Mexican Foreign Minister Marcelo Ebrard Casaubon)। দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ভাৰতত উপস্থিত হয় মেক্সিকোৰ মন্ত্ৰীগৰাকী (Mexican Foreign Minister arrives in India)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (এমইএ) মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইটযোগে এই কথা সদৰি কৰে ।
মেক্সিকোৰ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণক লৈ আনন্দিত মুখপাত্ৰ অৰিন্দম বাগচী । তেওঁ উল্লেখ কৰা মতে এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ বাবে বিভিন্ন ধৰণৰ আলোচনা হ'ব । ইফালে এই সম্পৰ্ক আৰু অধিক শক্তিশালী আৰু সুদৃঢ় কৰাৰ বাবেও আলোচনা কৰা হ'ব ।