আগৰতলা,১০ নৱেম্বৰ :ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা আইপিএফটিৰ প্ৰাক্তন বিধায়ক মেভাৰ কুমাৰ জামাতিয়াৰ বিস্ফোৰণ । বিজেপিয়ে জনজাতীয় অঞ্চলত কাম কৰিবলৈ নিদিয়াৰ অভিযোগ নেতাগৰাকীৰ (Mevar Kumar Jamatia slams BJP)। টিপ্ৰা মোথাত যোগদানৰ পাছত নেতাগৰাকীয়ে শাসকীয় বিজেপি মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰে । বিজেপি চৰকাৰৰ মিত্ৰদল আইপিএফটিক আক্ৰমণ কৰি তেওঁ কয় যে ৯০ শতাংশতকৈও অধিক আইপিএফটিৰ সংগঠন টিপ্ৰাৰ সৈতে একত্ৰিত হৈছে (IPFT orgnisations joins TIPRA)।
তেওঁ উল্লেখ কৰা মতে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আইপিএফটি আৰু বিজেপি মিত্ৰতালৈ আহিছিল (BJP IPFT alliance in Tripura) আৰু চিপিআই(এম)ৰ ২৫ বছৰীয়া শাসনৰ সমাপ্তি ঘটাই এখন চৰকাৰ গঠন কৰিছিল । উজ্জয়ন্ত প্ৰাসাদত প্ৰদ্যুত কিশোৰ মানিক্য দেব্বাৰ্মাৰ সৈতে সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মন্ত্ৰী মেভাৰে কয় যে তেওঁ বহু বছৰ ধৰি জনজাতীয় লোকসকলৰ কাৰণে কাম কৰিছে ।
তেওঁ উল্লেখ কৰা মতে সকলো বিৰোধী দল একত্ৰিত নোহোৱালৈ দাবীসমূহ পূৰণ নহ'ব । বিজেপিয়ে এনআৰচি, কা'ৰ দাবী কৰিছে আৰু তেওঁলোকৰ দাবী বৃহত্তৰ টিপ্ৰালেণ্ড কিয়নো বিজেপিতকৈ তেওঁলোকৰ আদৰ্শ পৃথক বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।
ইফালে নিজকে আইপিএফটিৰ প্ৰতিষ্ঠাপক বুলি দাবী কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ সৈতে মিত্ৰতা হোৱাৰ পাছত দলটোৰ কাৰ্যকলাপ লেহেমীয়া হৈ পৰিছে । পূৰ্বে দলটোৰ বিভিন্ন কাৰ্যকলাপ আছিল কিন্তু বিজেপিৰ সৈতে মিত্ৰতাৰ হোৱাৰ পাছত সকলো শূন্য হৈ পৰিছে বুলি দাবী কৰে নেতাগৰাকীয়ে । কোনো কাৰ্যকলাপ অবিহনে মানুহে কিয় আইপিএফটিক সমৰ্থন কৰিব বুলিও তেওঁ প্ৰশ্ন কৰে । বিজেপিক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে বিজেপি জনজাতি মৰ্চাই জনজাতীয় বেল্টত কাম কৰিবলৈ অনুমতি দিয়া নাই ।