নেশ্যনেল ডেস্ক,১৭ ডিচেম্বৰ :সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ল'লে 'মেট্ৰ' মেন' খ্যাত ই শ্ৰীধৰণে (Metroman E Sreedharan quits from active politics) । কেৰালা বিধানসভা নিৰ্বাচনত (Kerala assembly election 2021) পালাক্কাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি শোচনীয়ভাৱে পৰাজয় হোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে নেতাগৰাকীেয় । বৃহস্পতিবাৰে সংবাদমেলযোগে সক্ৰিয় ৰাজনীতি ত্যাগ কৰাৰ কথা ঘোষণা কৰে ।
শ্ৰীধৰণৰ মতে এই পৰাজয়ে তেওঁক কেইবাটাও শিক্ষা দিছে সেয়েহে তেওঁ ৰাজনীতিৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে । অৱশ্যে সক্ৰিয় ৰাজনীতি ত্যাগ কৰিলেও সম্পূৰ্ণৰূপে ৰাজনীতি ত্যাগ কৰা নাই বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে । তেওঁ লগতে কয় যে ৰাজনীতিৰ পৰিৱৰ্তে আন উপায়েৰেও মানুহৰ সেৱা কৰিব পাৰি । ইফালে ৯০ বছৰীয়া এগৰাকী ব্যক্তিয়ে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাটো বিপদজনক বুলিও মন্তব্য কৰে শ্ৰীধৰণে ।
২০২১ চনৰ কেৰালা বিধানসভা নিৰ্বাচনৰ আগলৈ কেতিয়াও সক্ৰিয় ৰাজনীতিত নথকা নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ আমোলা হোৱাৰ ইচ্ছা আৰু কিছুমান নতুন কথা শিকাৰ উদ্দেশ্যে হে ৰাজনীতিত যোগদান কৰিছিল । শ্ৰীধৰণে কোৱা মতে তেওঁ সৰু কালত আৰ এছ এছৰ সদস্য আছিল যাৰ বাবে তেওঁ সদায় দলক বিশ্বাস কৰাৰ বাবে বিজেপিত যোগদান কৰিছিল ।