নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ :তামিলনাডুৰ কুন্নুৰৰ শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল । যি দুৰ্ঘটনাত দেশৰ চিডিএছ বিপিন ৰাৱাট তেওঁৰ পত্নী আৰু আন ১১ গৰাকী নিহত হৈছিল (Gen Bipin Rawat's chopper crash)। ইতিমধ্য এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ত্ৰি-সেৱা তদন্ত ঘোষণা কৰিছে ।
এয়াৰ মাৰ্শ্বেল মানবেন্দ্ৰ সিঙৰ নেতৃত্বত গঠিত এটা বিশেষ দলে দুৰ্ঘটনাটো সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে (Probe on CDS Bipin Rawat chopper crash) । দুৰ্ঘটনাস্থলীত ড্ৰোণ ব্যৱহাৰ কৰি ঘটনাৰ কাৰণ উদঘাটনৰ চেষ্টা অব্যাহত ৰাখিছে । আৰক্ষীয়েও সমান্তৰালকৈ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে ।
ইয়াৰ মাজতে কইম্বাটুৰৰ ৰামনাথপুৰম অঞ্চলৰ দুজন স্থানীয় বাসিন্দা ক্ৰমে জো আৰু নাছিৰে মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ কুমাৰক সাক্ষাৎ কৰে । দুৰ্ঘটনাৰ পাছতে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছিল (Viral video of chopper carrying CDS)। চিডিএছ বিপিন ৰাৱাটসহ বাকীসকল যোৱা হেলিকপ্টাৰখনৰ দুৰ্ঘটনাৰ পূৰ্বে শ্বুট কৰা ভিডিঅ'টোৱে জোকাৰণিৰ সৃষ্টি কৰিছিল ।
সেই বিশেষ ভিডিঅ'টো বন্দী হৈছিল জো আৰু নাছিৰৰ ম'বাইলত । আৰক্ষী আয়ুক্তক ভিডিঅ'টো সম্পৰ্কে দুয়োজনে অৱগত কৰিছে । ইফালে আৰক্ষীয়েও তেওঁলোকৰ নাম, ঠিকনা, ফোন নম্বৰ আদি সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে । আৰক্ষী আয়ুক্তই জনোৱা মতে তদন্ত চলাই থকা নীলগিৰি জিলা আৰক্ষীলৈ এই সকলো তথ্য প্ৰেৰণ কৰা হ'ব ।
লগতে পঢ়ক :Mortal remains of General Rawat: সামৰিক মৰ্যদাৰে সম্পন্ন শেষকৃত্য