গুৱাহাটী, 12 জানুৱাৰী : মেঘালয়ৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা যেন এক প্ৰকাৰে সাধাৰণ ঘটনা হৈ পৰিছে । শেহতীয়াকৈ পুনৰ কয়লাখনিত ৩ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰে ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে (Meghalaya police confirm death of 3 coal miners) ৷ পূৱ জয়ন্তীয়া জিলাৰ অন্তৰ্গত ৰিম্বাই অঞ্চলত তিনিজন কয়লা খনিৰ শ্ৰমিকৰ মৃত্যুৰ বাতৰিৰ তদন্ত আৰম্ভ কৰিছে ইষ্ট জয়ন্তিয়া হিলছ আৰক্ষীয়ে (Suo moto notice) ।
জিলাখনৰ আৰক্ষী অধীক্ষক জগপাল সিং ধনোয়াৰৰ ভাষ্য অনুসৰি কয়লা খনিকৰসকলৰ মৃত্যু সন্দৰ্ভত প্ৰকাশ পোৱা প্ৰতিবেদনৰ সত্যতা নিৰূপণৰ বাবে চি আৰ পি চিৰ ১৬০ আৰু ৯১ নং ধাৰাত চি আৰ পি চিৰ ১৬০ আৰু ৯১ নং ধাৰাত জাননী জাৰি কৰা হৈছে । মেঘালয়ৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ হোৱা তথ্য অনুসৰি ৰিম্বাই কয়লা খনিত মৃত্যু হোৱা তিনিজনৰ ভিতৰত এজন মুছনিয়াং গাঁৱৰ (Coal miners reported dead in Meghalaya)।
দ্য শ্বিলং টাইমছ কাকতৰ প্ৰতিবেদন অনুসৰি, ৩ জন শ্ৰমিকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে যদিও অঞ্চলটোত অবৈধভাৱে খনন কাৰ্য চলাই থকাৰ বাবে এই বিষয়ে কোনেও মুখ খুলি কোনেও কথা কোৱা নাই । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰেট হোল কয়লা খনন নিষিদ্ধ কৰিছিল আৰু পৰৱৰ্তী সময়ত মেঘালয়ৰ উচ্চ ন্যায়ালয়ে কঠোৰ আদেশ জাৰি কৰিছিল । তাৰ পিছতো মেঘালয়ৰ বিভিন্ন ঠাইত অব্যাহত আছে ৰেট হোল মাইনিং (Meghalaya police confirm death of 3 coal miners)।