নেশ্যনেল ডেস্ক, ১২ মে' :শেহতীয়াকৈ দেশত চাইবাৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে (Cyber crimes in India)। সম্প্ৰতি ডিজিটেল মাধ্যমৰ ব্যৱহাৰ যথেষ্ট হোৱাৰ বাবেই এই ধৰণৰ অপৰাধো বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । কিছুদিন পূৰ্বে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীৰ নামত এটা প্ৰৱঞ্চকৰ দলে আৰক্ষী বিষয়াৰ পৰা ধন লুট কৰিছিল । পাছত ত্ৰিপুৰা আৰক্ষীয়ে ৰাজস্থানৰ চিট্টোৰগড়ৰ পৰা প্ৰৱঞ্চকৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Tripura Police Busted Big Fraud Case) ।
মেঘালয় আৰক্ষীয়ে এইবাৰ প্ৰৱঞ্চকৰ দলক বিচাৰি অভিযান চলালে চিট্টোৰগড়ত । অভিযানত মেঘালয় আৰক্ষীয়ে ৪ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Meghalaya police arrested thugs from Chittorgarh)। প্ৰৱঞ্চককেইটাক আদালত হাজিৰ কৰোৱা হৈছে আৰু আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ।
জানিব পৰা মতে অধিক তদন্তৰ বাবে অভিযুক্তকেইটাক আৰক্ষীয়ে মেঘালয়লৈ লৈ যোৱাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে ।