নেশ্যনেল ডেস্ক, 15 ছেপ্টেম্বৰ :মেঘালয়ৰ মিত্ৰজোঁট চৰকাৰে ৰাজ্যখনৰ স্থানীয় ফলৰ পৰা ৱাইন নিৰ্মাতাসকলক প্ৰচাৰৰ জৰিয়তে পৰ্যটন, কৃষি, উদ্যোগীকৰণ আৰু কৰ্মসংস্থাপন সৃষ্টি কৰি এক সমৃদ্ধিশালী পৰিৱেশ তন্ত্ৰক প্ৰসাৰিত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে । বৃহস্পতিবাৰে শ্বিলঙৰ মাউডিয়াংডিয়াঙত উত্তৰ-পূব ৱাইন ইনকিউবেচন চেণ্টাৰ মুকলি অনুষ্ঠানত এই কথা সদৰী কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ৷
এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ফলৰ ৱাইন উদ্যোগক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । কৃষিমন্ত্ৰী আম্পাৰিন লিংডোহ আৰু আবকাৰী মন্ত্ৰী কিৰমেন শ্বিলাৰ উপস্থিতিত এই অঞ্চলৰ ভিতৰতে প্ৰথমটো কেন্দ্ৰটো উদ্বোধন কৰা হয় ।
মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কয় যে পেছাদাৰী ৱাইন নিৰ্মাণ আৰু পেকেজিঙৰ প্ৰসাৰৰ বাবে কৌশল উদ্ভাৱন কৰাৰ ধাৰণা তেওঁৰ মনলৈ আহিছিল, যেতিয়া তেওঁ বিয়েৰৰ বটলত সহজ আৰু হাতেৰে নিৰ্মিত লেবেল থকা ঘৰতে বনোৱা আনাৰসৰ ৱাইন দেখিছিল ।
মুখ্যমন্ত্ৰী কনৰাড কে চাংমায়ে কয়, “আলোচনা, পৰ্যবেক্ষণ আৰু অভিজ্ঞতাই এই কথা উপলব্ধি কৰিবলৈ বাধ্য কৰালে যে মেঘালয়ৰ ফলৰ ৱাইন উদ্যোগত অপৰিসীম সম্ভাৱনা আছে । এই সমগ্ৰ কাৰ্যকলাপৃৰ জৰিয়তে পৰ্যটন, কৃষি, আৰু কৰ্মসংস্থাপন সৃষ্টি কৰিব । ইয়াৰ দ্বাৰা এক বিশাল ক্ষমতাক মুকলি কৰাৰ সম্ভাৱনা আছে’’ ।
মেঘালয়ক দেশৰ ফল-মূলৰ ৰাজধানী হিচাপে গঢ়ি তুলিব । এই লক্ষ্যত উপনীত হোৱাৰ বাবে জড়িত সকলো অংশীদাৰৰ সহযোগ কামনা কৰিছে মুখ্যমন্ত্ৰী চাংমায়ে ৷ মুখ্যমন্ত্ৰীয়ে আশা কৰে যে ৱাইন ইনকিউবেচন চেণ্টাৰে উচ্চাকাংক্ষী উদ্যোগীসকলক যন্ত্ৰপাতি পৰীক্ষা আৰু ব্যৱহাৰৰ মঞ্চ প্ৰদান কৰিব ৷ ফলত উদ্ভাৱসকলক উৎসাহিত হ’ব আৰু ৱাইন নিৰ্মাণৰ জৰিয়তে অৰ্থনৈতিক বৃদ্ধি হ’ব ।
ৱাইন নিৰ্মাতাসকলৰ বাবে অনুজ্ঞাপত্ৰৰ মাচুল নামমাত্ৰ হ’ব বুলি অংশীদাৰসকলক আশ্বাস দি তেওঁ কয় যে চৰকাৰে স্থানীয় ৱাইন নিৰ্মাতাসকলৰ বাবে সহজলভ্যতাৰ সুবিধাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াটো সুশৃংখলিত কৰাৰ বাবে কাম কৰি আছে । উল্লেখ্য যে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এই ধৰণৰ প্ৰথমটো ৱাইন ইনকিউবেচন চেণ্টাৰৰ উদ্বোধনী অনুষ্ঠানতো হৈছিল ৷ এই অনুষ্ঠানত কৃষিমন্ত্ৰী আম্পাৰিন লিংডো আৰু আবকাৰী মন্ত্ৰী কিৰমেন শ্বিল্লাই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :Anantnag Martyrs Funeral: শুকুৰবাৰে পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব কৰ্ণেল মনপ্ৰীত সিং আৰু মেজৰ আশীষ ধৌঞ্চকৰ