অসম

assam

ETV Bharat / bharat

Meghalaya politics : মুখ্যমন্ত্ৰীৰ আগতে শপত ল'ব মেঘালয়ৰ নৱ নিৰ্বাচিত বিধায়কসকলে ! - Meghalaya new MLAs oath taking ceremony

নৱ নিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সোমবাৰে মেঘালয় বিধানসভাৰ এক বিশেষ অধিৱেশনৰ আহ্বান কৰা হৈছে (Meghalaya new MLAs oath taking ceremony)। শনিবাৰে মেঘালয় বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত লৈছিল ডি শিৰাই । মঙলবাৰে শ্বিলঙত কনৰাড চাংমা চৰকাৰে দ্বিতীয় বাৰৰ বাবে শপত গ্ৰহণ কৰিব ।

Meghalaya politics
সোমবাৰে শপত ল'ব মেঘালয়ৰ নৱ নিৰ্বাচিত বিধায়কসকলে

By

Published : Mar 6, 2023, 12:30 PM IST

Updated : Mar 6, 2023, 2:19 PM IST

নেশ্যনেল ডেস্ক,৬ মাৰ্চ :মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ দ্বিতীয়টো কাৰ্যকাল আৰম্ভ হ'বলৈ গৈ আছে (2nd term of Conrad Sangma)। মঙলবাৰে শ্বিলঙত পুৱা ১১ বজাত শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসভাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে শনিবাৰে ডি শিৰাই মেঘালয় বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে (Meghalaya Pro term Speaker D Shira)।

ইফালে সোমবাৰে ৰাজ্যখনৰ নতুন বিধায়কসকলেও শপত গ্ৰহণ কৰিব । বিধায়কসকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আহ্বান কৰা বিশেষ বিধানসভা অধিৱেশনত শিৰাই নৱ নিৰ্বাচিত বিধায়কসকলক শপত গ্ৰহণ কৰিব । বিধানসভা সচিবালয়ৰ মতে, শপত গ্ৰহণ অনুষ্ঠানৰ পাচত অধ্যক্ষ নিৰ্বাচনৰ বাবে ৯ মাৰ্চত ৫৯ গৰাকী সদস্যৰ নতুন বিধানসভাৰ বৈঠক পুনৰ অনুষ্ঠিত হ'ব (Meghalaya election results)।

কনৰাড কে চাংমা নেতৃত্বাধীন মিত্ৰজোঁটক সমৰ্থন কৰা বিধায়কৰ সংখ্যা ৪৫ লৈ বৃদ্ধি পাইছে আৰু দুটা মুখ্য আঞ্চলিক দল ইউনাইটেড ডেমক্ৰেটিক পাৰ্টি (ইউডিপি) আৰু পিপলছ ডেমক্ৰেটিক ফ্ৰণ্টে (পিডিএফ) এনপিপি নেতৃত্বাধীন মিত্ৰজোঁটক তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে (Meghalaya alliance party)। মেঘালয় ডেমক্ৰেটিক এলায়েন্স (এমডিএ) চৰকাৰৰ পূৰ্বৱৰ্তী কাৰ্যকালতো দুয়োটা দল এনপিপিৰ সৈতে মিত্ৰতাত আছিল ।

এনপিপিৰ সমৰ্থনত বিজেপিৰ দুই বিধায়ক, হিল ষ্টেট পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ দুগৰাকী বিধায়ক আৰু দুগৰাকী নিৰ্দলীয় বিধায়ক আছে । চাংমাৰ এনপিপিয়ে শেহতীয়াকৈ সমাপ্ত নিৰ্বাচনত ২৬ খন আসন লাভ কৰিছে । ইউডিপিয়ে নিৰ্বাচনত ১১ খন আসন লাভ কৰিছে আৰু পিডিএফে দুখন আসন লাভ কৰিছে ।

ইউডিপিৰ মুৰব্বী মেটবাহ লিংডোৱে এনপিপিৰ মুৰব্বী চাংমাক এক পত্ৰযোগে মিত্ৰজোঁটক সমৰ্থন জনাইছে । লিংডোৱে চাংমাক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে । আনহাতে পিডিএফৰ কাৰ্যকৰী সভাপতি বেণ্টিডৰ লিংডো আৰু সভাপতি গেভিন মাইলিয়েমংগেপেও চাংমাক সাক্ষাৎ কৰে ।

চৰকাৰ গঠনৰ বাবে এনপিপিত যোগদান কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ইউডিপি আৰু পিডিএফক ধন্যবাদ জনাই চাংমাই । চাংমাই টুইটযোগে কয় যে স্বদেশী ৰাজনৈতিক দলসমূহৰ শক্তিশালী সমৰ্থনে মেঘালয় আৰু ইয়াৰ লোকসকলক সেৱা আগবঢ়োৱাৰ বাবে এনপিপিক অধিক শক্তিশালী কৰিব ।

লগতে পঢ়ক :Govt formation in NE states: পূৰ্বোত্তৰৰ দুই ৰাজ্যত চৰকাৰ গঠন সন্দৰ্ভত অমিত শ্বাহৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক

Last Updated : Mar 6, 2023, 2:19 PM IST

ABOUT THE AUTHOR

...view details