নিউজ ডেস্ক, ৭ মাৰ্চ : ৰাজ্যপাল ফাগু চৌহানে কৰোৱা শপত গ্ৰহণৰ জৰিয়তে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মঙলবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে (Meghalaya CM Conrad Sangma sworn in) । আনহাতে, কনৰাড চাংমা মিত্ৰজোঁটৰ অংশীদাৰ গেৰুৱা দলৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে (Modi on Conrad Sangma oath taking ceremony) । লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Union Home Minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও (BJP national president JP Nadda) উপস্থিত থাকে ।
মেঘালয় ডেম'ক্ৰেটিক এলায়েন্স (Meghalaya Democratic Alliance, MDA) চৰকাৰৰ পূৰ্বৰ অংশীদাৰ পিপ'লছ ডেম'ক্ৰেটিক ফ্ৰণ্ট (People's Democratic Front, PDF) আৰু ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টীয়ে (United Democratic Party, UDP) এনপিপিৰ কনৰাড চাংমাক ক্ৰমে ৪ আৰু ৫ মাৰ্চত সমৰ্থন আগবঢ়ায় । যাৰ ফলত বিদায়ী মুখ্যমন্ত্ৰীজনক সমৰ্থন কৰা মুঠ বিধায়কৰ সংখ্যা ৪৫ লৈ বৃদ্ধি হয় । উল্লেখ্য, ইউডিপিয়ে নিৰ্বাচনত 11 খন আসন লাভ কৰাৰ বিপৰীতে পিডিএফে দুখন আসন লাভ কৰে ।
উল্লেখ্য যে, এইবাৰ বিধানসভা নিৰ্বাচনত দুখন আসন লাভ কৰা বিজেপিয়ে আৰম্ভণিতেই চাংমাক সমৰ্থন আগবঢ়াইছিল (BJP NPP alliance govt in Meghalaya) । চাংমা মিত্ৰজোঁটত হিল ষ্টেট পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টীৰ দুজন বিধায়ক আৰু দুজন নিৰ্দলীয় বিধায়কৰো সমৰ্থন আছিল । আনহাতে, চাংমাৰ এনপিপিয়ে এই নিৰ্বাচনত ২৬ খন আসন লাভ কৰে ।
"মই ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টীৰ সংসদীয় দলৰ হৈ ইয়াৰ দ্বাৰা চৰকাৰ গঠনৰ বাবে সমৰ্থন আগবঢ়াইছোঁ ।" এনপিপিৰ ছুপ্ৰিমোক দাখিল কৰা পত্ৰখনত ইউডিপিৰ মুৰব্বী মেটবাহ লিংডোৱে এনেদৰে কয় । আনহাতে, প্ৰাক্তন বিধানসভাৰ অধ্যক্ষগৰাকীয়ে চাংমাৰ সৈতে তেওঁৰ বাসগৃহত মিলিত হয় ।