বকো, 13 আগষ্ট: "আমি সদায় নিজৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছো ৷ কোনো এখন ৰাজ্যতে আমাৰ আন কোনো দলৰ সৈতে কেতিয়াও মিত্ৰতা নাছিল ৷ বৰ্তমান আমাৰ ৰাজ্যৰ বাবে বিশেষ নীতি নাই, বিজেপিৰ সৈতেও বিশেষ স্থিতি নাই ৷ এয়া আমাৰ সাধাৰণ নীতি ৷ এনপিপিয়ে সদায় নিজাববীয়াকৈ নিৰ্বাচন যুঁজে" ৷ আগন্তুক ২০২৩ চনত মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এইদৰে মন্তব্য প্ৰদান কৰে (Conrad Sangma Commented on upcoming 2023 elections)৷
আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস(International Youth Day)ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰা কনৰাড চাংমাক উত্তৰ-পূবত তৃণমূল কংগ্ৰেছৰ অগ্ৰগতি সন্দৰ্ভত সোধা প্ৰশ্নোত্তৰত কয়, "যদি আন এটা ৰাজনৈতিক দলৰ পৰা কিছুমান বিধায়ক কাঢ়ি নিয়াটো প্ৰগতি হয় তেন্তে তেওঁলোকে অগ্ৰগতি লাভ কৰিছে কিন্তু সমান্তৰালভাৱে তেওঁলোকৰ প্ৰায় ৩০-৪০% বিধায়ক ইতিমধ্যে তৃণমূল কংগ্ৰেছৰপৰা ওলাই গৈছে" ৷