গুৱাহাটী, ২৩ জুন: দেশৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা গুৱাহাটীৰ ৰেডিশ্বন ব্লুলৈ শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সোঁত বোৱাৰ সময়তে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজাত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা উপস্থিত হয় হোটেলখনত (Conrad Sangma in Radisson Blu)। আচম্বিতে ৰেডিশ্বন ব্লুত উপস্থিত হোৱাৰ লগে লগে সাংবাদিকে মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীক ঘেৰি ধৰে ।
অৱশ্যে তেওঁ নিয়মীয়া আগমনৰ কথা উল্লেখ কৰি আহাৰ গ্ৰহণৰ বাবে অহা বুলি কয় । মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ (Rebel MLAs of Maharashtra) সমাগম সন্দৰ্ভত তেওঁ কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে । অৱশ্যে তেওঁৰ এই অগমনে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে । এন ডি এৰে মিত্রতাত থকা মেঘালয়ৰ মুখ্যমন্ত্রীগৰাকীয়ে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ সৈতে আলোচনা কৰাৰ বাবে আহিছে বুলি জনিব পৰা গৈছে ।
তেওঁ প্ৰায় আধা ঘণ্টা পাছত হোটেলৰ পৰা ওলাই যায় । ইফালে আজি ৰেডিশ্বন ব্লুত উপস্থিত হোৱা দুজন বিসম্বাদী বিধায়ক দীপক কেশৰকাৰ আৰু আশিষ জয়ছোৱালে বিয়লি ভাগত হোটেল ত্যাগ কৰি ওলাই যায় । অৱশ্যে তেওঁলোক ওলাই যোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা যোৱা নাই (MAHA MLAs in Radisson Blu)।
উল্লেখ্য যে, বুধবাৰৰ পুৱাৰ পৰা দেশৰ সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লু (Maharashtra political crisis)৷ 40 গৰাকী বিধায়কক লগত লৈ এইখন হোটেলত বুধবাৰৰ পুৱাৰ পৰা বাহৰ পাতিছে মহাৰাষ্ট্ৰ শাসকীয় দলৰ বিসম্বাদী নেতা একনাথ সিন্দেয়ে (MAHA rebel MLAs) ৷ তাৰ পাচতেই ৰাজনৈতিক মহলত গুজৱ উঠে হোটেল ৰাজনীতিৰ ৷ একনাথ সিন্দেৰ এই কাৰ্যত থৰক বৰক হৈ পৰে মহাৰাষ্ট্ৰ চৰকাৰ (Rebel Eknath Shinde in Guwahati)৷ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে টুইটযোগে উল্লেখ কৰে যে, মহাৰাষ্ট্ৰ চৰকাৰ হয়তো ভংগও হ’ব পাৰে ৷