গুৱাহাটী, 28 জুন : চুবুৰীয়া ৰাজ্য মেঘালয়ত সংশ্লিষ্ট চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এই উদ্দেশ্যে মেঘালয় কেবিনেটত নীতিৰ ব্যাপক সংশোধনত অনুমোদন জনোৱা হৈছে ৷ মেঘালয় কেবিনেটে সোমবাৰৰ সন্ধিয়া চাকৰি সংৰক্ষণ সন্দৰ্ভত বিভিন্ন কাৰ্যালয়ৰ স্মাৰকপত্ৰৰ ক্ষেত্ৰত সংশোধনী আনে ৷ গাৰোসকলৰ বাবে সংৰক্ষিত খালী পদৰ সন্দৰ্ভতো 1974 চনত জাৰি কৰা কাৰ্যালয় স্মাৰকৰো সংশোধন চলোৱা হৈছে ৷ সেই অনুসৰি এতিয়াৰ পৰা গাৰো শ্ৰেণীৰ বাবে যিবোৰ খালী পদ উদ্ভৱ হয়, সেইবোৰ কেৱল মেঘালয়ৰ ভিতৰত বাস কৰা গাৰো প্ৰাৰ্থীয়েহে পূৰণ কৰিব পাৰিব ।
পূৰ্বৰ অ’ এমে ৰাজ্যৰ বাহিৰৰ পৰা অহা গাৰোসকলক খালী পদ পূৰণৰ অনুমতি প্ৰদান কৰিছিল । কেবিনেটে বাতিল কৰা 1972 চনৰ চাকৰি সংৰক্ষণ নীতি অনুসৰি খাচী আৰু গাৰোসকলৰ বাবে 80 শতাংশ, আন জনগোষ্ঠীৰ বাবে 5 শতাংশ আৰু বাকী 15 শতাংশ ৰাজ্যত বাস কৰা আন লোকৰ বাবে সংৰক্ষিত হ’ব লাগে । তাৰে 40 শতাংশ গাৰো আৰু 40 শতাংশ খাচীসকলৰ বাবে সংৰক্ষিত ৷ 1972 চনৰ চাকৰি সংৰক্ষণ নীতিৰ অধীনত ৰাজ্যখনত বাস নকৰা গাৰো জনজাতিসকলে মেঘালয় চৰকাৰৰ চাকৰিৰ বাবে আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৷ এতিয়াৰে পৰা চাকৰি সংৰক্ষণ নীতিৰ অধীনত ৰাজ্যখনত বাস নকৰা গাৰো জনজাতিৰ লোকসকলে মেঘালয় চৰকাৰৰ চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব ।
মেঘালয় কেবিনেটে সংৰক্ষণ নীতি আৰু সংৰক্ষণ ৰ'ষ্টাৰৰ স্মাৰকপত্ৰ সংশোধন কৰিছে কৰ্মচাৰী বিভাগৰ কাৰ্যালয়ে ৷ 1972 চনৰ কাৰ্যালয় স্মাৰকত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসমূহৰ বাবে খালী পদ সন্দৰ্ভত কোৱা হৈছিল যে সম্ভাৱ্য সম্প্ৰদায়সমূহৰ বাবে বিজ্ঞাপন দিয়া খালী পদৰ সংখ্যা আৰু বৃদ্ধি নহ'ব, কিয়নো সংৰক্ষণৰ ৰ’ষ্টাৰ পইণ্ট অনুসৰণ কৰা হ'ব । এতিয়াৰ পৰা বিজ্ঞাপন দিয়া খালী পদসমূহ ৰ’ষ্টাৰ পইণ্ট অনুসৰি হ’ব অৰ্থাৎ বিজ্ঞাপন দিয়া খালী পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি নহয় ।