ইণ্টাৰনেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ :এক মাৰাথন কাৰ্যসূচী লৈ সংযুক্ত ৰাষ্ট্ৰ(United States) ভ্ৰমণলৈ সাজু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) ৷ কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকৰ কাৰ্যসূচী হাতত লৈ চলিত সপ্তাহতে প্ৰধানমন্ত্ৰীগৰাকী সংযুক্ত ৰাষ্ট্ৰলৈ ৰাওনা হ'ব ৷
22 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডী ৱাশ্বিংটন ডিচি(Washington DC)ত উপস্থিত হ'ব আৰু পিছদিনা পুৱা তেওঁ আমেৰিকাৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকল(top US CEO's)ৰ সৈতে বৈঠকত মিলিত হ'ব ৷ Apple ৰ মুৰব্বী টিম কুকৰ সৈতেও প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈঠকত অংশ লোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে সংশ্লিষ্ট বিষয়াই এইপৰ্যন্ত বৈঠকৰ বিৱৰণ নিশ্চিত কৰা নাই ৷
সংবাদ মাধ্যমক তেওঁলোকে সদৰী কৰা মতে, বৈঠকৰ সময়সূচী নিৰ্ধাৰণৰ কাম চলি আছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ ব্যৱসায়ীসকলৰ সৈতে ইখনৰ পাচত সিখন বৈঠকত অংশ লোৱাৰ পাচত প্ৰধানমন্ত্ৰী মোডীয়ে সংযুক্ত ৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছকো(US Vice President Kamala Harris) সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে ৷ অৱশ্যে এই পৰ্যন্ত এনে কোনো বৈঠকৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই ৷