স্পৰ্টচ ডেস্ক,5 জানুৱাৰী: যোগাভ্যাসত ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে উত্তৰ কাশ্মীৰৰ বোন্দিপাৰা জিলাৰ 17 বছৰীয়া শ্বাহ পৰিহাৰ পীৰজাদাই ৷ কেৱল এইয়াই নহয় শ্বাহ পৰিহাৰে এইপৰ্যন্ত মাৰ্শ্বেল আৰ্টছত 8 বাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ পৰিহাৰে মাত্ৰ ছয় বছৰ বয়সতেই খেলত নিজৰ কেৰিয়াৰৰ পাতনি মেলিছিল ৷
পৰিহাৰে প্ৰথমে স্ন’ স্কিঙৰ জৰিয়তে খেলত কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়লৈকে যোগাভ্যাস, মাৰ্শ্বেল আৰ্টছ আৰু অন্যান্য খেলত প্ৰক্ষিক্ষণ গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও পৰিহাৰে আজৰি সময়ত গীত গাই আৰু ছবি আকি ভাল পায় ৷ পৰিহাৰে কয়, প্ৰথমাৱস্থাত তেওঁ কেৱল আত্মৰক্ষাৰ বিভিন্ন প্ৰণালীসমূহ শিকাৰ বাবেহে স্কে মাৰ্শ্বেল আৰ্টছ খেলিবলৈ আৰম্ভ কৰিছিল ৷ ‘মই নিৰ্বাচন কৰা তৃতীয় খেলবিধ আছিল যোগাভ্যাস ৷ কাৰণ নিজৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগাভ্যাস বহু প্ৰয়োজনীয় ৷’