অসম

assam

ETV Bharat / bharat

ৰ'ব' সুন্দৰীক এবাৰ লগ পোৱাৰ বাসনাৰে ৰেষ্টুৰেন্টত মানুহৰ ভীৰ

খাদ্যৰ বাবে নহয় 'ৰ'ব' সুন্দৰী'ক লগ কৰিবলৈ মানুহৰ ভীৰ লাগিছে মহীশূৰৰ এখন ৰেষ্টুৰেণ্টত ৷ ' ৰ'ব' সুন্দৰী' হৈছে ৰেষ্টুৰেণ্টখনৰ এটা ৰ’ব’ট ৱেইটাৰ (Robo Sundari of Mysore) ৷ সবিশেষ জানো আহক....

meet-robo-sundari-mysores-first-robo-waiter
ৰ'ব' সুন্দৰীক এবাৰ লগ পোৱাৰ বাসনাৰে ৰেষ্টুৰেন্টত মানুহৰ ভীৰ

By

Published : Feb 17, 2022, 8:10 AM IST

নেচনেল ডেস্ক, 17 ফেব্ৰুৱাৰী : সুস্বাদু খাদ্যৰ সন্ধানত আপুনি নিশ্চয় ৰেষ্টুৰেণ্টলৈ যায় । পিছে মহীশূৰৰ সিদ্ধাৰ্থ হোটেললৈ কেৱল খাদ্যৰ বাবে নহয় ' ৰ'ব' সুন্দৰী 'ক লগ কৰিবলৈ লাগিছে মানুহৰ ভীৰ ৷ পিছে কোন এই ' ৰ'ব' সুন্দৰী '? নামটো শুনি আপুনি ভুল কৰাৰ আগেয়ে কৈছো যে , এওঁ হৈছে এগৰাকী ৰবট ৱেইটাৰ যি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে (Robo Sundari Mysore's first robot waiter) । গ্ৰাহকসকলক স্বাগতম জনোৱাৰ পৰা তেওঁলোকক খাদ্য আৰু পানী পৰিৱেশন কৰালৈকে, 'ৰ'ব' সুন্দৰীয়ে' এই সকলোবোৰ কাম কৰে ।

মহীশূৰৰ পৰম্পৰাগত ৰেচম শাৰী, বিন্দি, নেকলেছ আৰু চুড়ি পিন্ধা হিউমেনইড ৰ’বট ' ৰ'ব' সুন্দৰী'ক নতুন দিল্লীৰ এখন ফাৰ্মৰ পৰা 2.5 লাখ টকাত ক্ৰয় কৰা হৈছিল । বেটাৰী চালিত ' ৰ'ব' সুন্দৰীয়ে এবাৰ চাৰ্জ কৰাৰ পিছত আঠ ঘণ্টালৈকে কাম কৰিব পাৰে । পূৰ্বে প্ৰ’গ্ৰাম কৰা ৰবটটোৱে ভইচ কামাণ্ডৰ জৰিয়তে নিৰ্দেশনা লয় আৰু 10 কিলোগ্ৰাম ওজনৰ বোজা সহজে কঢ়িয়াব পাৰে ।

উল্লেখযোগ্য যে, কৰ্ণাটকৰ শিৱমোগাৰৰ উপহাৰা দৰ্শিনী নামৰ এখন ৰেষ্টুৰেণ্টে পোন-প্ৰথমে এটা হিউমেনইড ৱেইটাৰৰ ব্যৱহাৰ কৰা হৈছিল কৰাইছিল (first humanoid waiter from Karnataka)।

লগতে পঢ়ক :FIR against Himanta Biswa Sarma:অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হায়দৰাবাদত গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details