বাঁহ-গাজ হ’ল বাঁহ গছৰ গুৰিৰ পৰা নকৈ ওলোৱা কুমলীয়া গজালি বা পুলি ৷ ইয়াক সৰু সৰুকৈ কূটি পাছলি হিচাপে খোৱা হয়(Medicinal properties of Bamboo shoot) ৷ বাঁহ -গাজ কেঁচাতে বা খৰিচা কৰি ভাৰতবৰ্ষ (ঘাইকৈ অসম) , চীন, জাপান, মান, য়ুগাণ্ডা, নেপাল, ভিয়েটনাম, ইণ্ডোনচিয়া, ফিলপাইনচ আদি অনেক দেশৰ মানুহে ভোগ কৰে(Medicinal properties of Bamboo shoot) ৷
কিন্তু আপুনি জানেনে আমি প্ৰায়েই ভোগ কৰি অহা এই বাঁহ-গাজৰ আছে বহু ঔষধি গুণাগুণ(Health benefits of Bamboo shoot) ৷ মেদবহুলতাৰ পৰা আদি কৰি ৰক্তহীনতা দূৰ কৰা পৰ্যন্ত উপকাৰী বাঁহ-গাজ ৷ তেন্তে জানো আহক বাঁহ-গাজে আমাৰ শৰীৰত কেনেধৰণৰ উপকাৰিতা সাধন কৰে ৷
- মেদবহুলতা হ্ৰাস কৰাত সহায়ক:১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয় ৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷
- ৰক্তচাপ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা:বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷
- কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা: গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে ৷
- শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক: বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয় ৷
- পাকপ্ৰণালীৰ উপকাৰিতা: ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷ পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷