নেচনেল ডেস্ক, ৩০ জুলাই: অহা 24 আগষ্টৰ পৰা আৰম্ভ হ'ব জৈন ধৰ্মৰ লোকসকলৰ গুৰুত্বপূৰ্ণ উৎসৱ পৰ্যুষণ মহাপৰ্ব(Jain festival of Paryushan Parv)।এই উৎসৱ অহা পহিলা ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব । সেই বাবে হাৰিয়ানাৰ গুৰুগ্ৰামত সকলো মাংসৰ দোকান আৰু কসাইখানা এই দিনকেইটাত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে । হাৰিয়ানাৰ নগৰস্থানীয় সংস্থা (ইউএলবি) বিভাগৰ সঞ্চালকে দিয়া আদেশ অনুসৰি পৌৰ নিগম গুৰুগ্ৰাম (MCG) আৰু পৌৰ নিগম মানেচাৰ (MCM) অঞ্চলৰ সকলো মাংসৰ দোকান আৰু কসাইখানা পৰ্যুষণ পৰ্বৰ জৈন উৎসৱৰ সময়ত ২৪ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ন দিনৰ বাবে বন্ধ থাকিব( Director Urban Local Bodies Department of Haryana order to close meat shops)।
এই সন্দৰ্ভত উপ-পৌৰ আয়ুক্ত বিজয়পাল যাদৱে কয় এই সন্দৰ্ভত ইউএলবি বিভাগৰ পৰা নিৰ্দেশ লাভ কৰা হৈছে । উক্ত নিৰ্দেশ অনুসৰি, এমচিজি আৰু এমচিএম এলেকাৰ সকলো মাংস বিক্ৰী দোকান আৰু কসাইখানা 24 আগষ্টৰ পৰা 1ছেপ্টেম্বৰলৈ বন্ধ থাকিব । এই ন দিনত জৈন সম্প্ৰদায়ৰ পৰ্যুষণ পৰ্ব উৎসৱ উদযাপন কৰা হ'ব । আমি নিগম এলেকাত থকা সকলো মাংস বিক্ৰেতাক এই ন দিনত তেওঁলোকৰ দোকান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছো । নিগমৰ দলসমূহে এই দিনকেইটাত অঞ্চলটো নিৰীক্ষণ কৰিব । আনহাতে, যিসকলে এই আদেশ পালন নকৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ লগতে কয় ।