কেন্দ্ৰীয় চৰকাৰে ক'ভিড প্ৰতিষেধকৰ বাবে এতিয়ালৈকে মাত্ৰ ৪,৭৪৪ কোটি টকাহে খৰচ কৰিবলৈ সক্ষম হৈছে ৷ যি নিৰ্ধাৰিত পুঁজিৰ ১৪ শতাংশতকৈও কম, যাৰ বাবে বিশ্বৰ সবাতোকৈ ডাঙৰ ক'ভিড প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়াটোত বাধাগ্ৰস্ত হৈছে । প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়াটোও লেহেমীয়া হৈছে আৰু বহুতো ৰাজ্যত এতিয়াও যথেষ্ট পৰিমাণৰ প্ৰতিষেধক উপলব্ধ কৰোৱা হোৱা নাই ।
যদিও প্ৰতিষেধক প্ৰস্তুত আৰু প্ৰদানৰ বাবে ৩,৫০০ কোটি টকা ধাৰ্য কৰা হৈছিল, সেই হিচাপত এই পুঁজিৰ ব্যৱহাৰ যথেষ্ট কম পৰিমাণে হৈছে ৷ এয়া সেই সময়ত হৈছে, যি সময়ত ক'ভিডৰ নতুন সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰতিষেধক প্ৰদানৰ প্ৰয়োজনীয়তা খুবেই জৰুৰী । এই লেহেমীয়া প্ৰক্ৰিয়া আৰু পুঁজিৰ কম ব্যৱহাৰৰ বাবে সমগ্ৰ দেশতে নতুন সংক্ৰমণৰ হাৰ তীব্ৰ গতিত বৃদ্ধি পাইছে । শেহতীয়া তথ্য অনুসৰি প্ৰত্যেক দিনাই গড় হিচাপত ৩.৮৬ লাখ নতুন সংক্ৰমণ হৈছে আৰু প্ৰায় ৩,৬০০ গৰাকী ব্যক্তিৰ মৃত্যু প্ৰতিদিনে হোৱা পৰিলক্ষিত হৈছে ।
বিভিন্ন টুইটৰ জৰিয়তে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে উল্লেখ কৰিছে যে, চৰকাৰে এতিয়ালৈ ৪,৭৪৪.৪৫ কোটি টকা খৰচ কৰিছে প্ৰতিষেধক প্ৰদানৰ বাবে ৷ যাৰ ৩,৬৩৯.৬৭ কোটি টকা চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক আৰু ১,১০৪.৭৮ কোটি টকা হায়দৰাবাদস্থিত ভাৰত বায়'টেকক প্ৰদান কৰা হৈছে ।
চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক মোকোলাই দিয়া ধনৰ ১,৭৩২.৫০ কোটি টকা মে’, জুন আৰু জুলাই মাহত দিবলগীয়া ১১ কোটি প্ৰতিষেধকৰ বাবদ অগ্ৰিম ধন আৰু ১,৯০৭.১৭ কোটি টকা ইতিমধ্যেই ১৫ কোটি ড'জৰ বাবদ খৰচ হোৱা মুঠ ২,৩৬৩.৩৯ কোটি টকাৰ এটা অংশ । অনুৰাগ ঠাকুৰৰ মতে চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ক’ভিছিল্ড (Covishield) ৰ বাবে চৰকাৰে বিচৰা মুঠ ২৬.৬০ কোটি ড'জৰ এতিয়ালৈকে ১৪.০৪৪ কোটি ড'জহে দিবলৈ সক্ষম হৈছে ।
একেদৰে ভাৰত বায়'টেক, যিয়ে ক’ভেক্সিন নামৰ প্ৰতিষেধক প্ৰস্তুত কৰিছে, এই প্ৰতিষ্ঠানটোৱে প্ৰায় ৮ কোটি ড'জ দিবলগীয়া আছিল যদিও মাত্ৰ ৩ কোটি ড’জহে দিবলৈ সক্ষম হৈছে । ভাৰত বায়'টেকক আদায় দিয়া ১১০৪.৭৮ কোটি টকাৰ ৭৮৫.৫ কোটি টকা হ’ল মে’, জুন আৰু জুলাই মাহত দিবলগীয়া ৫ কোটি ড'জৰ আগধন ।
ৰাজ্যিক বিত্তমন্ত্ৰীৰ টুইটসমূহৰ পৰা এয়া স্পষ্ট নহয় যে, চৰকাৰখনে দুয়োটা প্ৰতিষ্ঠানক নিৰ্ধাৰিত ৩৫,০০০ কোটি টকাৰ কিমান টকা যোৱা বিত্তীয় বৰ্ষত আদায় দিছিল আৰু কিমান ধন চলিত বিত্তীয় বৰ্ষত আদায় দিছে ।
মন কৰিবলগীয়া যে, মন্ত্ৰীজনৰ টুইটসমূহ সেই সময়ত ৰাজহুৱা হৈছে, যি সময়ত চৰকাৰখনে লেহেমীয়াভাৱে প্ৰতিষেধক কিনা তথা লেহেমীয়া গতিত প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে ৷ লগতে কোৱা হৈছে যে, এই লেহেমীয়া গতিৰ কামৰ বাবেই ক’ভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৱে যথেষ্ট গুৰুতৰ আৰু অনাহুত সংক্ৰমণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বিৰোধী দলসমূহে ভেকচিন প্ৰস্তুতৰ বাবে বিশেষকৈ বিদেশলৈ পঠিয়াবলগীয়া ভেকচিনৰ বাবে প্ৰয়োজন হোৱা ৷
অনুমোদন প্ৰক্ৰিয়াও লেহেমীয়া হোৱা বুলি চৰকাৰক দোষাৰোপ কৰিছে আৰু কৈছে যে, এই প্ৰক্ৰিয়া খৰতকীয়া কৰিব পৰা হ'লে আমাৰ নিজৰ দেশৰ বাবে প্ৰয়োজনীয় প্ৰতিষেধকসমূহ প্ৰস্তুতৰ হাৰ বঢ়াব পৰা গ'লহেঁতেন ।
যোৱা সপ্তাহত কেন্দ্ৰীয় চৰকাৰে বাতৰি কাকতত প্ৰকাশিত কিছু বাতৰি য'ত কোৱা হৈছিল যে, চৰকাৰে নতুনকৈ প্ৰতিষেধক ক্ৰয়ৰ বাবে দুয়োটা প্ৰতিষেধক প্ৰস্তুত কৰা প্ৰতিষ্ঠানে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই, তাক খণ্ডন কৰিছে । এক প্ৰেছ বিবৃতিৰ জৰিয়তে চৰকাৰে কয় যে, এনে ধৰণৰ বাতৰিৰ কোনো ধৰণৰ সত্যাসত্যতা নাই ৷ চৰকাৰে যোৱা ২৮ এপ্ৰিলত ১৬ কোটিৰ প্ৰতিষেধক প্ৰদানৰ বাবে নতুন নিৰ্দেশ দিছে । ইয়াৰ ভিতৰত ১১ কোটি ভেকচিন চেৰাম ইনষ্টিটিউট আৰু ৫ কোটি প্ৰতিষেধক ভাৰত বায়'টেকক সৰবৰাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । চৰকাৰে লগতে কয় যে, প্ৰায় ২,৫২০ কোটি আগধন দুয়োটা প্ৰতিষ্ঠানক একেদিনাই মোকোলাই দিয়া হয় । এই পুঁজিও কিন্তু নিৰ্ধাৰণ কৰা ৩৫,০০০ কোটি টকাৰ মাত্ৰ ৭.২ শতাংশহে ।
প্ৰতিষেধকৰ বাবে ধাৰ্য কৰা মুঠ পুঁজি: