নেশ্যনেল ডেস্ক,২৪ মাৰ্চ :পুনৰ চৰ্চাত হীৰা ব্যৱসায়ী তথা পঞ্জাৱ নেশ্যনেল বেংকৰ এক জালিয়াতি গোচৰৰ অভিযুক্ত পলাতক মেহুল চ'ক্সি (Mehul Choksi) । ইণ্টাৰপোলে মেহুল চ'ক্সিৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী প্ৰত্যাহাৰ কৰাৰ পাছতে বিষয়টো পুনৰবাৰ চৰ্চালৈ আহিছে । অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মেহুল চ'ক্সিৰ দৰে পলাতক অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে (MEA on Mehul Choksi)।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে মেহুল চ'ক্সিৰ দৰে অৰ্থনৈতিক পলাতকসকলে ন্যায়ৰ সন্মুখীন হ'ব লাগিব । এক সাপ্তাহিক সংবাদমেলত মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে চৰকাৰে গুৰুত্ব দিছে যাতে ভাৰতত অৰ্থনৈতিক পলাতকসকল ন্যায়ৰ সন্মুখীন হ'ব পাৰে । চৰকাৰে ৰেড কৰ্ণাৰ জাননীৰ দৰে নিৰ্দিষ্ট বিষয়বোৰত দৃষ্টি ৰাখিব । ৰেড কৰ্ণাৰ জাননী সম্পৰ্কে সংশ্লিষ্ট কৰ্তৃপক্ষই এক বিতং প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে বুলি তেওঁ উল্লেখ কৰে ।
উল্লেখ্য যে, ইণ্টাৰপোলে মেহুল চ'ক্সিৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী প্ৰত্যাহাৰ কৰিছে (Red corner notice against Mehul Choksi)। চৰকাৰী সূত্ৰৰ মতে, ৰেড কৰ্ণাৰ জাননীৰ ইণ্টাৰপোল ডাটাবেছৰ পৰা আঁতৰোৱাৰ ফলত পলাতক হীৰা ব্যৱসায়ীগৰাকীয়ে ভাৰতৰ বাহিৰে আন যিকোনো দেশলৈ ইচ্ছামতে ভ্ৰমণ কৰিবলৈ যোগ্য হ'ব । যিহেতু ভাৰতত তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ আছে । সেয়ে ভাৰতৰ বাহিৰে বাকী যিকোনো ঠাইলৈ তেওঁ ভ্ৰমণ কৰিব পাৰিব ।