অসম

assam

By

Published : Apr 9, 2021, 2:18 PM IST

ETV Bharat / bharat

২৮ এপ্ৰিলৰ পৰা নিউজিলেণ্ডে ভ্ৰমণৰ নিষধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা

নিউজিলেণ্ডত ভাৰতৰ পৰা যোৱা লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত জাৰি কৰা অস্থায়ী ভ্ৰমণ নিষেধাজ্ঞা অহা ২৮ এপ্ৰিলৰ পৰা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । শেহতীয়াকৈ নিউজিলেণ্ডত COVID-১৯ত আক্ৰান্ত হোৱা ২৩ জন লোকৰ ভিতৰত ১৭ জন লোক ভাৰতৰ পৰা যোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে দেশখনৰ চৰকাৰে ভাৰতীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত অস্থায়ী নিষেধাজ্ঞা জাৰি কৰে ।

২৮ এপ্ৰিলৰ পৰা নিউজিলেণ্ডে ভ্ৰমণৰ নিষধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা
২৮ এপ্ৰিলৰ পৰা নিউজিলেণ্ডে ভ্ৰমণৰ নিষধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: ভাৰত আৰু নিউজিলেণ্ডৰ মাজত যাতায়াত স্বাভাৱিক কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । ভাৰতীয় যাত্ৰীৰ প্ৰৱেশৰ ক্ষেত্ৰত নিউজিলেণ্ড চৰকাৰে জাৰি কৰা নিষেধাজ্ঞা অহা ২৮ এপ্ৰিলৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব বুলি বৃহস্পতিবাৰে আশা ব্যক্ত কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ।

COVID-১৯ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডে নিজ দেশৰ নাগৰিকসহ ভাৰতৰ পৰা যোৱা লোকৰ প্ৰৱেশ অস্থায়ীভাৱে নিষিদ্ধ কৰিছে । অহা ১১ ৰ পৰা ২৮ এপ্ৰিললৈ এই নিৰ্দেশ প্ৰযোজ্য হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণে । স্বাস্থ্য সঞ্চালক প্ৰধান এছলে ব্লুমফিল্ডৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে, নিউজিলেণ্ডত নতুনকৈ ২৩ জন লোক মহামাৰীৰ কবলত পৰিছে ।

ইয়াৰ ভিতৰত ভাৰতৰ পৰা দেশখনলৈ যোৱা ১৭ জন লোক আছে । এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে, বিভাগটোৱে নিউজিলেণ্ড চৰকাৰৰ পৰা জানিব পাৰিছে যে দেশখনে অহা ১১ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিলৰলৈ ভ্ৰমণৰ ক্ষেত্ৰত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰিছে । এই নিষেধাজ্ঞা কেৱল ভাৰতীয়সকলৰ বাবেই নহয়, নিউজিলেণ্ডৰ নাগৰিকসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব ।

লগতে অহা ২৮ এপ্ৰিলৰ পৰা এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি যাতায়াত স্বাভাৱিক হোৱাৰ আশা ব্যক্ত কৰে মুখপাত্ৰগৰাকীয়ে । আনহাতে, ম্যানমাৰৰ পৰিস্থিতি সন্দৰ্ভত বাগচীয়ে কয় যে, যোৱা সপ্তাহত তেওঁ ভাৰতৰ স্থিতি বিষদভাৱে দাঙি ধৰিছে । ভাৰতে হিংসাৰ প্ৰতি গৰিহনা দিয়াৰ লগতে আৰু ম্যানমাৰত গণতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে সমৰ্থন আগবঢ়াইছে বুলিও মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে । ৰাইছিনা আলোচনাত বিদেশৰ বিশিষ্টলোকৰ অংশগ্ৰহণ সন্দৰ্ভত তেওঁ কয় যে, কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাৰতলৈ অহাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক:ভোট গণনা প্ৰতিনিধিক স্বায়ত্ব শাসনৰ বাহিৰৰ অঞ্চলৰ পৰা বাচনি কৰাৰ আহ্বান টিপ্ৰাৰ

ABOUT THE AUTHOR

...view details