অসম

assam

ETV Bharat / bharat

দিল্লী পৌৰ নিগমৰ নিৰ্বাচন: মুখঠেকেচা বিজেপিৰ - আম আদমী পাৰ্টী

বুধবাৰে ঘোষণা কৰা হ'ল দিল্লী পৌৰ নিগম নিৰ্বাচনৰ ফলাফল ৷ পাঁচটা ৱাৰ্ডৰ ভিতৰত আম আদমী পাৰ্টীয়ে চাৰিখন আসন লাভ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে লাভ কৰিলে এখন আসন ৷ 50 শতাংশতকৈও অধিক ভোটাৰে কৰিছিল ভোটদান ৷

mcd by poll results aap leading in four wards congress in one
mcd by poll results aap leading in four wards congress in one

By

Published : Mar 3, 2021, 1:33 PM IST

নেচনেল ডেস্ক,3 মাৰ্চ:বুধবাৰে ঘোষণা কৰা দিল্লী পৌৰ নিগম নিৰ্বাচনত পাঁচটা ৱাৰ্ডৰ ভিতৰত আম আদমি পাৰ্টী (আপ) এ চাৰিখন আসন আৰু কংগ্ৰেছ এখন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ পৰিৱৰ্তে বিজেপিয়ে আসন লাভ কৰাত ব্যৰ্থ হয় ৷ দেওবাৰে পৌৰ নিগমৰ পাঁচটা ৱাৰ্ডৰ ভোটগ্ৰহণত 50 শতাংশতকৈও অধিক ভোটাৰে ভোটদান কৰে ৷

চৌহানবাংগৰ ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী চৌধুৰী জুবেইৰ আহমেদে আপৰ প্ৰাৰ্থী মহম্মদ ইশৰাক খানক 10,642 টা ভোটত পৰাভূত কৰে ৷ ইয়াৰ বিপৰীতে কল্যাণপুৰী, ৰ'হিন-চি, ত্ৰিলোকপুৰী আৰু শালিমাৰ বাগ উত্তৰ ইত্যাদি ৱাৰ্ডৰ পৰা আপৰ প্ৰাৰ্থীসকলে জয় লাভ কৰে ৷

উপ মুখ্যমন্ত্ৰী মনিষ সিচোদিয়াই টুইটযোগে বিজয় সম্ভাষণ জনাই কয় যে, বিজেপিৰ কামত ৰাইজ বিৰক্ত হৈছে আৰু অহা বছৰলৈ দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত ৰাইজে অৰবিন্দ কেজৰিৱালৰ সততাৰ ৰাজনীতিক আগবঢ়াই আনিব ৷

উল্লেখ্য যে, 2017 নিৰ্বাচনত বিজেপিয়ে দিল্লী পৌৰ নিগমৰ তিনিওটা পৌৰ নিগম দখল কৰিবলৈ সমৰ্থ হৈছিল ৷ কিন্তু এইবাৰ এক পৃথক দৃশ্য প্ৰত্যক্ষ কৰা হৈছে ৷ 7,043 ভোটত আম আদমী পাৰ্টীৰ ধীৰেন্দৰ কুমাৰে কল্যাণপুৰী ৱাৰ্ডত জয় লাভ কৰাৰ সমান্তৰালকৈ আপৰ বিজয় কুমাৰে বিজেপিৰ ওমপ্ৰকাশক 4986 ভোটত ত্ৰিলোকপুৰীত পৰাভূত কৰিবলৈ সক্ষম হয় ৷

একেদৰে শালিমাৰ বাগতো বিজেপিৰ সুৰভী জাজুক আপৰ সুনীতা মিশ্ৰাই 2,705 ভোটত পৰাভূত কৰে ৷ উল্লেখ্যে যে ইয়াৰ পূৰ্বে উক্ত ৱাৰ্ডত বিজেপিৰ আধিপত্য আছিল ৷ ৰ'হিনী চি ৱাৰ্ডতো বিজেপিৰ প্ৰাৰ্থী ৰাকেশ গয়ালক আপৰ ৰাম চন্দেৰে 2985 টা ভোটত পৰাভূত কৰে ৷

লগতে পঢ়ক:ক্ষুদ্ধ কংগ্ৰেছী কৰ্মকৰ্তাই দাহ কৰিলে গোলাম নৱী আজাদৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details