নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ :আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে বৃহস্পতিবাৰে দিল্লীৰ মছজিদ আৰু মাদ্ৰাছা পৰিদৰ্শন কৰে (RSS chief mosque visit)। সমান্তৰালকৈ উলেমাক সাক্ষাৎ কৰাৰ পাছতে মোহন ভাগৱতক 'ৰাষ্ট্ৰৰ পিতৃ' আৰু 'ৰাষ্ট্ৰ ঋষি' বুলি অভিহিত কৰিছিল (Imam chief called Mohan Bhagwat Rashtra Pita)। সচৰাচৰ ইছলাম বিৰোধী মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰা বিজেপি আৰু আৰ এছ এছৰ এনে পৰিৱৰ্তনে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন বিৰোধী দলে আকৌ আৰ এছ এছৰ প্ৰধান মোহন ভাগৱতক সমালোচনাও কৰা দেখা গৈছে ।
বহুজন সমাজ পাৰ্টিৰ (BSP) আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ মনোভাৱ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে । মায়াৱতীয়ে শনিবাৰে টুইটযোগে মোহন ভাগৱতক তীব্ৰ সমালোচনা কৰে (Mayawati tweet against Mohan Bhagwat)। বিজেপি চৰকাৰৰ নেতিবাচক মনোভাৱ আৰু আচৰণৰ পৰিৱৰ্তন হ'ল নেকি বুলি প্ৰশ্ন উত্থাপন কৰে নেত্ৰীগৰাকীয়ে ।
আন এটা টুইটত মায়াৱতীয়ে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে মুকলি ঠাইত অকলে কেইমিনিটমানৰ বাবে নামাজ আদায় কৰাৰ বাধ্যবাধকতা সহ্য কৰিব পৰা নাই আৰু চৰকাৰী মাদ্ৰাছাসমূহক উপেক্ষা কৰি ব্যক্তিগত মাদ্ৰাছাসমূহত হস্তক্ষেপ কৰিবলৈ আগ্ৰহী (Mayawati slams UP Govt over Madrasa)। এই ক্ষেত্ৰত আৰ এছ এছৰ মুৰব্বীৰ গভীৰ নীৰৱতাৰ পৰা কি বুজা যায় বুলিও প্ৰশ্ন উত্থাপন কৰে নেত্ৰীগৰাকীয়ে ।
মোহন ভাগৱতৰ মাদ্ৰাছা ভ্ৰমণক সমালোচনা মায়াৱতীৰ
উল্লেখ্য যে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ৰাজধানী দিল্লীৰ কেজি মাৰ্গৰ এটা মছজিদত উপস্থিত হয় । হিন্দুত্ববাদী সংগঠন হিচাপে পৰিচিত আৰ এছ এছৰ মুৰব্বীয়ে প্ৰথমবাৰৰ বাবে মছজিদ পৰিদৰ্শন কৰে । মছজিদত উপস্থিত হোৱাৰ লগতে মোহন ভাগৱতে অখিল ভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম ওমৰ ইলিয়াচীকো সাক্ষাৎ কৰে । ইয়াৰ পিছত, মোহন ভাগৱতে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলকো সাক্ষাৎ কৰে ।
লগতে পঢ়ক :কংগ্ৰেছৰ সভাপতিৰ দৌৰত অশোক গেহলট