নিউজ ডেস্ক, 1 মে’ :1884 চনত যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত মালিক গোষ্ঠীৰ শোষণ-বঞ্চনাৰ পৰা মুক্তি বিচাৰি এদল মুক্তিকামী জনতাই আৰম্ভ কৰিছিল আন্দোলন ৷ 10-12 ঘণ্টা পৰ্যন্ত কামত খটুৱাৰ বিৰোধিতা কৰি শ্ৰমিকসকলে ঐক্যৱদ্ধভাৱে দৈনিক 8 ঘণ্টা কামৰ সময় নিৰ্ধাৰণ কৰিবৰ বাবে দাবী উত্থাপন কৰি আৰম্ভ কৰিছিল আন্দোলন ৷
1886 চনৰ 1 মে’ ৰ ভিতৰত তেওঁলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে শ্ৰমিকসকলে সময় বান্ধি দিয়ে । কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে । ইয়াৰ পিচতে 1886 চনৰ 4 মে’ৰ সন্ধিয়া চিকাগো চহৰৰ ‘হো মাৰ্কেট’ত শ্ৰমিকসকল তেওঁলোকৰ দাবীৰ সমৰ্থনত এক প্ৰতিবাদী মিছিল উলিয়ায় ৷ উক্ত প্ৰতিবাদী মিছিলটোত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হয় 11 জনকৈ শ্ৰমিকে (May day in World history) ৷
অৱশ্যে শ্ৰমিকৰ ধাৰাবাহিক আন্দোলনৰ ফলত অৱশেষত 8 ঘণ্টীয়া কামৰ প্ৰস্তাৱে স্বীকৃতি লাভ কৰে আৰু সমগ্ৰ বিশ্বজুৰি এই দিনটোক শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ এটা দিন হিচাবে পালন কৰি অহা হৈছে ৷ ভাৰতত শ্ৰমিক দিৱসৰ সূচনা হয় 1923 বৰ্ষৰ পৰা ৷ সেই দিশৰ পৰা চাবলৈ গ’লে এইবাৰ ভাৰতত শ্ৰম দিৱসে ভৰি দিলে 100 বছৰত ৷ শতবৰ্ষ গৰকা এই ঐতিহাসিক ক্ষণটো কিন্তু দেশৰ শ্ৰমিকসকলে প্ৰাপ্য মৰ্যাদা, অৰ্থনৈতিক অধিকাৰ লাভ কৰিছে বুলি ক’ব নোৱাৰি ৷ নিৱনুৱা সমস্যা, লেবাৰ ক’ড, নিম্নমুখী মজুৰিকে ধৰি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত আজি দেশৰ শ্ৰমিক (May day in India) ৷