নেশ্যনেল ডেস্ক, 16 আগষ্ট :অত্যাধিক গৰমৰ মাজতে ৰাজধানী দিল্লীত হ্ৰাস পাইছে তাপমাত্ৰা ৷ বিগত দুদিন ধৰি ৰাজধানী দিল্লীত বতৰৰ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে ৷ দিল্লীৰ বতৰ বিজ্ঞান বিভাগে (Delhi Meteorological Department) জাৰী কৰা তথ্য অনুসৰি, অনাগত দিনকেইটাত দিল্লীৰ কেবাটাও অঞ্চল মেঘাচন্ন হোৱাৰ লগতে পাতল বৰষুণ হোৱাৰো সম্ভাৱনা আছে ৷
উল্লেখ্য যে, সোমবাৰে পুৱাৰ ভাগত ৰাজধানী দিল্লীত এজাক পাতল বৰষুণ হয় ৷ ফলত তাপমাত্ৰা 34.9 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায় (Max temp settles at 34 9 deg C in Delhi)৷ সোমবাৰে দিল্লীৰ চফদৰজং, পালম, লোধি ৰোড, আয়ানগৰ আৰু গুৰুগ্ৰামত বৰষুণৰ হোৱা পৰিলক্ষিত হয় ৷ যাৰ ফলত আৰ্দ্ৰতাৰ স্তৰ 95 শতাংশৰ পৰা 68 শতাংশৰ মাজত দোদুল্যমান অৱস্থাত থকা বুলি সদৰী কৰে দিল্লী বতৰ বিজ্ঞান বিভাগে ৷