অসম

assam

ETV Bharat / bharat

দিল্লীত সৰ্বাধিক তাপমাত্ৰা 34.9 ডিগ্ৰী চেলচিয়াছ - Max temp settles in Delhi

মঙলবাৰে ৰাজধান চহৰখনত বতাহৰ লগতে পাতল বৰষুণ বা বজ্ৰপাতৰ সৈতে সাধাৰণতে ডাৱৰীয়া বতৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই (Max temp settles in Delhi)৷

Max temp settles at 34.9 deg C in Delhi
দিল্লীত সৰ্বাধিক তাপমাত্ৰা 34.9 ডিগ্ৰী চেলচিয়াছ

By

Published : Aug 15, 2022, 10:46 PM IST

নেশ্যনেল ডেস্ক, 15 আগষ্ট: স্বাধীনতা দিৱসৰ মাজতে উৎকত গৰমত দিন কটাইছে দিল্লীবাসীয়ে৷ সোমবাৰৰ দিনটোত দিল্লীত সৰ্বাধিক তাপমাত্ৰা 34,9 ডিগ্ৰী চেলচিয়াছ (Max temp settles at 34.9 deg C in Delhi)৷ ৰাজধানী চহৰখনৰ কিছু অংশত সোমবাৰে ৰাতিপুৱা বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাননী প্ৰকাশ কৰিছিল ৷

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি ৰাজধানী চহৰখনৰ চফদৰজং, পালম, লোধি ৰোড, আয়ানগৰ আৰু গুৰুগ্ৰামত বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে৷ চহৰখনত সৰ্বনিম্ন তাপমাত্ৰা 25.8 ডিগ্ৰী চেলচিয়াছেৰে শেহতীয়াকৈ অভিলেখ স্থাপন কৰা হৈছিল ৷ ইয়াৰোপৰি বতৰ বিজ্ঞান কাৰ্যালয়ে সোমবাৰে ৰাতিপুৱা লালকিল্লাৰ চাৰিওফালৰ অঞ্চলত পাতল বৰষুণৰ ভৱিষ্যতবাণী কৰিছিল যদিও বতৰৰ কোনো অসুবিধা নোহোৱাকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতীয় পতাকা উত্তোলন কৰে ৷

আনহাতে মঙলবাৰে ৰাজধান চহৰখনত বতাহৰ লগতে পাতল বৰষুণ বা বজ্ৰপাতৰ সৈতে সাধাৰণতে ডাৱৰীয়া বতৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই (Max temp settles in Delhi)৷

লগতে পঢ়ক:কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details