নিউজ ডেস্ক, ২৪ আগষ্ট :বুধবাৰে ভাৰতে চন্দ্ৰযান-৩ অভিযানত এক ঐতিহাসিক সফতা অৰ্জন কৰে । আহাতে, চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণত সফল হোৱাৰ পিছত বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক (ইছৰো) প্ৰশংসা কৰে ।
উল্লেখ্য যে এই অভিযান সফল হোৱাৰ পিছত ভাৰতে চন্দ্ৰ অভিযানত বিৰল কৃতিত্ব অৰ্জন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে । ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ সৈতে একে শাৰীত থিয় দিলে । আনহাতে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পিছত ইছৰোৰ মুৰব্বী এছ সোমনাথলৈ এখন পত্ৰ লিখে ।
"বিগত সন্ধিয়া ইছৰোৰ চমৎকাৰ সাফল্যৰ বাবে মই কিমান ৰোমাঞ্চিত হৈছোঁ সেয়া ইয়াৰ দ্বাৰা আপোনাক জনাব বিচাৰিছোঁ । এইটো সকলো ভাৰতীয়, বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে গৌৰৱ আৰু আনন্দৰ বিষয় ।" প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধীয়ে পত্ৰখনত লিখিছে ।