নেশ্যনেল ডেস্ক,১২ জুন : ইতিমধ্যে ভাৰতত ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰভাৱ আৰম্ভ হৈছে (Impact of Cyclone Biparjoy in India)। সৌৰাষ্ট্ৰৰ বিভিন্ন জিলাত এই ঘূৰ্ণীবতাহৰ ফলত ধাৰাষাৰ বৰষুণ হোৱা দেখা গৈছে । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে ঘূৰ্ণীবতাহ বিপৰ্যয় মাণ্ডৱি অতিক্ৰম কৰিব পাৰে । ঘূৰ্ণীবতাহে কচ্ছ উপকূলত আঘাত কৰাৰো সম্ভাৱনা আছে । ঘূৰ্ণীবতাহ ১৫ জুনত মাণ্ডৱি আৰু কাৰাচীৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে ইয়াৰ প্ৰভাৱ কচ্ছৰ উপকূলীয় অঞ্চলত দেখিবলৈ পোৱা গৈছে ।
বতৰ বিজ্ঞান কেন্দ্ৰই ১২ জুনত প্ৰকাশ কৰা তথ্য অনুসৰি পূব মধ্য আৰু ইয়াৰ কাষৰীয়া উত্তৰ-পূব আৰৱ সাগৰৰ পৰা সৌৰাষ্ট্ৰ আৰু কচ্ছ উপকূলত ঘূৰ্ণীবতাহ বিপৰ্যয়ে খুন্দা মৰাৰ সম্ভাৱনা আছে । এই বিষয়ে এক সতৰ্কবাণী জাৰি কৰা হৈছে (High alert in Saurashtra)। যোৱা ৬ ঘণ্টাত ঘূৰ্ণীবতাহে ০.৫ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত উত্তৰদিশে গতি কৰি আছে । সৌৰাষ্ট্ৰ আৰু কচ্ছৰ বাবে বিশেষ সতৰ্কবাণী ঘোষণা কৰা হৈছে ।
পোৰবন্দৰৰ পৰা প্ৰায় ৩৪০ কিঃমিঃ দক্ষিণ-পশ্চিমে, দেৱভূমি দ্বাৰকাৰ পৰা ৩৮০ কিঃমিঃ দক্ষিণ-দক্ষিণ-পশ্চিমলৈ, জাখৌ বান্দৰৰ পৰা ৪৬০ কিঃমিঃ দক্ষিণে, ৪৭০ কিঃমিঃ দক্ষিণ-দক্ষিণ আৰু ৪৭০ কিঃমিঃ দক্ষিণ-দক্ষিণ-পশ্চিমে নালিয়াৰ পৰা কাৰাচী অভিমুখে আগবাঢ়িছে । ইয়াৰ পাছত এই ঘূৰ্ণীবতাহ উত্তৰ-উত্তৰ-পূবৰ দিশে আগবাঢ়িব আৰু ১৫ জুনৰ আবেলিৰ ভিতৰত গুজৰাটৰ মাণ্ডৱি আৰু পাকিস্তানৰ কাৰাচীৰ মাজৰ উপকূল অতিক্ৰম কৰিব ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ বুলেটিন অনুসৰি, ঘূৰ্ণীবতাহ বিপৰ্যয় ১৪ জুনলৈ উত্তৰৰ দিশে গতি কৰিব । ঘূৰ্ণীবতাহ ১৫ জুনত কচ্ছৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে । প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত ই গতি কৰাৰ সম্ভাৱনা আছে ।