নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ :জম্মু-কাশ্মীৰস্থিত বিখ্যাত শক্তিপীঠ বৈষ্ণো দেৱী মন্দিৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড (Fire broke out near vaishno devi temple)। মঙলবাৰে নিশা ত্ৰিকুটা পৰ্বতমালাত সংঘটিত বনজুই এক বিস্তীৰ্ণ অঞ্চললৈ বিয়পি পৰে । অৱশ্যে ইয়াৰ ফলত ভক্তসকলৰ মন্দিৰ যাত্ৰাত কোনো প্ৰভাৱ পৰা নাই ।
মন্দিৰৰ শ্ৰাইন ব'ৰ্ড আৰু বন বিভাগে জনোৱা মতে, সম্প্ৰতি এই জুই নিয়ন্ত্ৰণলৈ আহিছে । সৌভাগ্যক্ৰমে এই জুইৰ ফলত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই । কিন্তু বনজুইৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
লক্ষণীয়ভাৱে বৈষ্ণো দেৱী মন্দিৰৰ ত্ৰিকুটা পৰ্বতমালাত এনে ধৰণৰ বনজুইৰ ঘটনা এয়াই প্ৰথম নহয় । ২০২১ চনৰ জুন মাহতো মন্দিৰৰ যাত্ৰা পথত এনে ধৰণৰ বনজুই দেখিবলৈ পোৱা গৈছিল ৷ যাৰ বাবে মন্দিৰলৈ যোৱা পথ বন্ধ কৰি দিয়া হৈছিল ।
উল্লেখ্য যে, বছৰৰ সকলো সময়তে বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তৰ আগমন ঘটে । কিন্তু শীতকালত ভক্তৰ সংখ্যা কিছু বৃদ্ধি পায় । শ্ৰাইন ব'ৰ্ডে জনোৱা মতে, এই বছৰ ডিচেম্বৰলৈ মন্দিৰ দৰ্শনৰ বাবে ৫০ লাখতকৈও অধিক ভক্তৰ আগমন ঘটিছে ।
লগতে পঢ়ক :Fuel rates remain unchanged : মঙলবাৰে অপৰিৱৰ্তিত হৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য