অসম

assam

ETV Bharat / bharat

চুৰাটত ৰাসায়নিক উদ্যোগৰ ষ্টোৰেজ টেংকত ভয়ংকৰ অগ্নিকাণ্ড, 24 আহত - ইথাৰ ইণ্ডাষ্ট্ৰী লিমিটেড

খন্তেকৰ ভোজ খাওঁতা নাই...চুৰাটৰ শচীন জিআইডিচি অঞ্চলতস্থিত ইথাৰ ইণ্ডাষ্ট্ৰী লিমিটেডত বিস্ফোৰণ হৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত 24 জনতকৈও অধিক শ্ৰমিক আহত হৈছে ৷

Etv BharatMASSIVE FIRE BROKE OUT
Etv Bharatইথাৰ উদ্যোগৰ ষ্টোৰেজ টেংকত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 12:45 PM IST

ইথাৰ উদ্যোগৰ ষ্টোৰেজ টেংকত ভয়ংকৰ অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ :গুজৰাটৰচুৰাটৰ শচীন এলেকাস্থিত ৰাসায়নিক কাৰখানা ইথাৰ উদ্যোগৰ ষ্টোৰেজ টেংকত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ এই অগ্নিকাণ্ডত 24 জনতকৈও অধিক শ্ৰমিক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ লগে লগে আহত কেইগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

এই বিস্ফোৰণৰ পিচতে ঘটনাস্থলীত 10 খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ততাতৈয়াকৈ ৰাওনা হৈছিল । অৱশ্যে এই ঘটনাত কোনো লোকৰ প্ৰাণহানি হোৱা নাই ৷

ঘটনাৰ বিৱৰণী অনুসৰি, চহৰখনৰ শচীন জিআইডিচি অঞ্চলতস্থিত ইথাৰ ইণ্ডাষ্ট্ৰী লিমিটেড নামৰ এটা ৰাসায়নিক কাৰখানাত মঙলবাৰে দুপৰীয়া প্ৰায় 2 বজাত অগ্নিকাণ্ড সংঘটিত হয়। ইথাৰ কোম্পানীত কৰ্তব্যৰত কৰ্মচাৰীসকলে জুইৰ উমান পোৱাৰ পূৰ্বে জুইয়ে ভয়ংকৰ ৰূপ লয় ৷ জানিব পৰামতে কোম্পানীটোৰ ষ্টোৰেজ টেংকত হোৱা বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ঘটনাটোৰ সময়ত কোম্পানীটোত 50 জনতকৈও অধিক কৰ্মচাৰীয়ে কাম কৰি আছিল ৷ কৰ্মীসকলে বিস্ফোৰণৰ প্ৰচণ্ড শব্দ শুনিছিলহে মাথোঁ, হঠাতে অগ্নিকাণ্ডই বিয়পি পৰিছিল ৷

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে 10 খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় । উদ্ধাৰকাৰী লোকৰ সহায়ত শ্ৰমিকসকলক সুৰক্ষিতভাৱে উলিয়াই অনা হৈছিল ৷ এই অগ্নিকাণ্ডৰ ফলত 24 জনতকৈও অধিক শ্ৰমিক সামান্য আঘাতপ্ৰাপ্ত হৈছিল ৷ আহত শ্ৰমিকসকলক লগে লগে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷

মুখ্য অগ্নিনিৰ্বাপক বিষয়া বসন্ত পাৰেখে কয় যে, বৰ্তমান জুই নিয়ন্ত্ৰণলৈ অনা হৈছে ৷ ঘটনাস্থলীত শীতলকৰণ অভিযান চলি আছে ৷

লক্ষণীয় যে, এয়া প্ৰথমবাৰ নহয়, ইয়াৰ পূৰ্বে ৰাসায়নিক কাৰখানাটোত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ৷ ষ্টোৰেজ টেংকত বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বিভাগে তদন্ত অব্যাহত ৰাখিছে ৷ এই অগ্নিকাণ্ডৰ ফলত কোটি কোটি টকাৰ লোকচান হৈছে ৰাসায়নিক কাৰখানাটোত। কোম্পানীৰ ভিতৰৰ সকলো যন্ত্ৰপাতি জ্বলি ভস্মীভূত হয় ৷

লগতে পঢ়ক:ৰে’লৰ খাদ্যত বিষক্ৰিয়া, 40 গৰাকী যাত্ৰী চিকিৎসাধীন

ABOUT THE AUTHOR

...view details