অসম

assam

ETV Bharat / bharat

কৰ্ণাটকৰ শ্বপিঙ মলত বিধ্বংসী অগ্নিকাণ্ড - কৰ্ণাটকৰ এখন নৱনিৰ্মিত শ্বপিঙ মলত অগ্নিকাণ্ডৰ সূত্ৰপাত

কৰ্ণাটকৰ এখন নৱনিৰ্মিত শ্বপিঙ মলত অগ্নিকাণ্ডৰ সূত্ৰপাত ৷ জুইত জাহ গ'ল প্ৰায় কোটি টকাৰো অধিক মূল্যৰ সামগ্ৰী ৷ বালাকোট জিলাৰ ইলকাল অঞ্চলত অৱস্থিতি নৱ-নিৰ্মিত এখন শ্বপিঙ মলত অগ্নিকাণ্ডটোৰ সূত্ৰপাত ৷ ঘটনা সন্দৰ্ভত ইলকাল আৰক্ষী থানাত গোচৰ ৰুজু ৷

fire at shopping mall in bagalkote
fire at shopping mall in bagalkote

By

Published : Feb 8, 2021, 9:51 AM IST

নেচনেল ডেস্ক, 8 ফেব্ৰুৱাৰী:কৰ্ণাটকৰ এখন শ্বপিঙ মলত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় কোটি টকাৰো অধিক মূল্যৰ সামগ্ৰী জুইত জাহ গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি বালাকোট জিলাৰ ইলকাল অঞ্চলত অৱস্থিত নৱ-নিৰ্মিত এখন শ্বপিঙ মলত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয় ৷

ইলকালৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত শ্বপিঙ মল খন লকডাউনৰ পাছত পুনৰ মুকলি কৰা হৈছিল ৷ জুইয়ে সমগ্ৰ শ্বপিঙ মল খন আগুৰি ধৰাৰ পাছতে জুই নিৰ্বাপিত কৰাৰ উদ্দেশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ লগতে বিষয়াবৰ্গক ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় ৷ ঘটনা সন্দৰ্ভত ইলকাল আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:চাইবাছাত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ

ABOUT THE AUTHOR

...view details