নিউজ ডেস্ক, ২৯ জুন : অগ্নিপথ বিক্ষোভত এতিয়াও অগ্নিগৰ্ভ হৈ আছে দেশৰ বিভিন্ন প্ৰান্ত (Agnipath protest in India)। সেনাবাহিনীত নিযুক্তিৰ নতুন আঁচনি অগ্নিপথ প্ৰকল্পক লৈ বিক্ষোভ-আন্দোলনে তোলপাৰ লগাই আছে বিভিন্ন ৰাজ্যত । কিন্তু তাৰ মাজতে অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় বায়ুসেনা বাহিনীয়ে (Indian Air Force begins Agnibir recruitment process) । এফালে কেন্দ্ৰৰ অগ্নিপথ আঁচনিত সমৰ্থন, আনফালে বিৰোধীৰ এই আঁচনিৰ বিৰোধিতা । তাৰ মাজতে আকৌ অগ্নিবীৰ হ'বলৈ হেতাওপৰা লগাইছে দেশৰ যুৱপ্ৰজন্মই ।
অগ্নিপথ প্ৰকল্পত এতিয়া আবেদনৰ ঢল বৈছে (massive blow of Agnibir application in Indian Air Force) । তাৰ প্ৰমাণ পোৱা গৈছে শেহতীয়াকৈ অগ্নিপথ প্ৰকল্পত অগ্নিবীৰ হ'বৰ বাবে ভাৰতীয় বায়ুসেনা বাহিনীত জনোৱা আবেদনৰ পৰিসংখ্যাৰ পৰা । ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰা শেহতীয়া তথ্যত (Indian Air Force published Agnibir Application numbers) দেশৰ যুৱপ্ৰজন্মৰ অগ্নিবীৰ হ'বৰ বাবে তীব্ৰ উৎসাহৰ কথা পোহৰলৈ আহিছে ।
বায়ুসেনাৰ শেহতীয়া পৰিসংখ্যা অনুযায়ী, বিজ্ঞাপন প্ৰকাশৰ পৰা বিগত ছয় দিনত বায়ুসেনাৰ অগ্নিবীৰ হ'বলৈ আবেদন জনাইছে দুই লক্ষাধিকে । কিন্তু বায়ুসেনাৰ তথ্যমতে, প্ৰথম বছৰটোত উক্ত আঁচনিত বায়ুসেনাত নিয়োগ কৰা হ'ব মাত্ৰ ৩ হাজাৰ অগ্নিবীৰ (3 thousand Agnibir will recruit in Air Force) । তেনে ক্ষেত্ৰত ইমানসংখ্যক অগ্নিবীৰৰ বাবে আবেদনে বায়ুসেনাক বিবুধিত পেলোৱা পৰিলক্ষিত হৈছে । লগতে এয়া দেশৰ ভয়ংকৰ নিবনুৱা সমস্যাৰে প্ৰতিফলন বুলি একাংশৰ মত ।