অসম

assam

ETV Bharat / bharat

Manipur Violence : চুৰাচান্দপুৰৰ লামকাত আজি কুকি শ্বহীদৰ ৰাজহুৱা সমাধি

বিগত ৩ মাহে মণিপুৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে । ইয়াৰ মাজতে সংঘৰ্ষৰ কেন্দ্ৰবিন্দু চুৰাচান্দপুৰত কুকি সংগঠনৰ ৰাজহুৱা সমাধিৰ কাৰ্যসূচী । বিভিন্ন হিংসাত্মক ঘটনাত নিহত ৩৫ টা মৃতদেহ একেলগে সমাধিস্থ কৰিব সংগঠনসকলে ।

By

Published : Aug 3, 2023, 11:27 AM IST

Updated : Aug 3, 2023, 12:02 PM IST

Manipur Violence
চুৰাচান্দপুৰৰ লামকাত কুকি শ্বহীদৰ ৰাজহুৱা সমাধি

তেজপুৰ, ৩ আগষ্ট :মণিপুৰৰ জাতিগত সংঘৰ্ষৰ সম্পূৰ্ণ হ’ল ৩ মাহ । এতিয়াও ৰাজ্যখনৰ বিভিন্ন প্ৰাপ্তত হিংসাত্মক কাৰ্যকলাপ অব্যাহত আছে । কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা সংঘাতে একপ্ৰকাৰ ৰাজ্যখনক উত্তেজিত কৰি ৰাখিছে । ইয়াৰ মাজতে মণিপুৰৰ হিংসাজৰ্জৰ চুৰাচান্দপুৰ জিলাত বৃহস্পতিবাৰে জনজাতীয় সংগঠনসমূহে কুকি শ্বহীদৰ ৰাজহুৱা সমাধিৰ আয়োজন কৰিছে ।

চুৰাচান্দপুৰৰ লামকাত কুকি শ্বহীদৰ ৰাজহুৱা সমাধি

হিংসাত্মক ঘটনাত নিহত কুকিসকলক গণ সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে সংগঠনসমূহে । বুধবাৰে জনজাতীয় নেতাসকলে এক বৈঠকত অংশগ্ৰহণ কৰি কয় যে, বৃহস্পতিবাৰে চুৰাচান্দপুৰৰ টুইবুং (লামকা)ৰ গ্ৰাউণ্ডত কুকি-জো'ৰ শ্বহীদসকলক সমাধিস্থ কৰা হ'ব ।

এই কাৰ্যসূচীৰ বাবে ৰাজ্যখনৰ পাহাৰীয়া জিলাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । ৰাজহুৱা বা গণ সমাধিস্থ অনুষ্ঠানত বহু হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে কুকি বিদ্ৰোহী সংগঠন আৰু কুকি জনসাধাৰণে শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ আন এক কাৰ্যসূচীৰ আয়োজন কৰিছিল আৰু হিংসাজৰ্জৰ পৰিৱেশৰ মাজতে হাজাৰ হাজাৰ লোকে হাতে হাতে মাৰণাস্ত্ৰ লৈ প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰা দেখা গৈছিল ।

জানিব পৰা মতে বৃহস্পতিবাৰে চুৰাচান্দপুৰ জিলাৰ লামকাৰ চৰকাৰী চিকিৎসালয়ৰ মৰ্গত থকা ৩৫ টা মৃতদেহ ৰাজহুৱাভাৱে সমাধিস্থ কৰা হ'ব । আনহাতে কুকি নেতাসকলে চৰকাৰক আহ্বান জনাইছে যে, ৰাজধানী ইম্ফলৰ ৰিজিঅ'নেল ইনষ্টিটিউট অব মেডিকেল চায়েন্স আৰু জৱাহৰলাল নেহেৰু ইনষ্টিটিউট অফ মেডিকেল চায়েঞ্চৰ মৰ্গত থকা মৃতদেহসমূহ চুৰাচান্দপুৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে । ইফালে চুৰাচান্দপুৰত কুকি সংগঠনে আয়োজন কৰা এই কাৰ্যসূচীক লৈ এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে ।

ইম্ফল আৰু চুৰাচান্দপুৰৰ মাজত মেইটেই আৰু কুকি লোকসকলৰ বাবে বাফাৰ জ'ন স্থাপন কৰি ইতিমধ্যে তেওঁলোকৰ অহা যোৱা নিষিদ্ধ কৰা হৈছে । আনকি অসম ৰাইফলছৰ জোৱানসকলৰো ইম্ফলত প্ৰৱেশৰ বাধা আৰোপ কৰা হৈছে । কাৰণ অসম ৰাইফলছৰ জোৱানসকল সীমান্তত কুকি বসতিপ্ৰধান অঞ্চলত নিয়োজিত হৈ থকাৰ বাবে মেইটেইসকলে তেওঁলোকক বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰিছে । অৱশ্যে আজি সকলোৰে দৃষ্টি চুৰাচান্দপুৰ লামকাৰ ৰাজহুৱা সমাধিস্থলীৰ ওপৰত আছে ।

লগতে পঢ়ক :Nuh Violence : হাৰিয়ানাৰ কেইবাখনো জিলাত ৫ আগষ্টলৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা

Last Updated : Aug 3, 2023, 12:02 PM IST

ABOUT THE AUTHOR

...view details