নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ:মাৰুতি ছুজুকী আৰটিগা(Maruti Suzuki Ertiga) ভাৰতৰ আটাইকৈ বেছি বিক্ৰী হোৱা মাল্টিপাৰপাছ গাড়ীসমূহৰ ভিতৰত এখন । এই গাড়ীখন বিদেশৰ বজাৰতো খুবেই জনপ্ৰিয় । সম্প্ৰতি ছুজুকীয়ে বিশ্বৰ বজাৰত তেওঁলোকৰ আপডেটেত ২০২৩ আৰ্টিগা মডেল লঞ্চ কৰাৰ কথা ঘোষণা কৰিছে । নতুন মডেলৰ এই গাড়ীখন ভাৰততে তৈয়াৰ কৰা হৈছে(Maruti brings cheapest family car Ertiga in new look) ।
২০২৩ৰ ছুজুকী আৰ্টিগা(Maruti Suzuki Ertiga) গাড়ীখন সম্প্ৰতি ফিলিপাইন ইণ্টাৰনেচনেল মটৰ শ্ব’ত প্ৰদৰ্শন কৰা হৈছে । ষ্টাইলৰ ফালৰ পৰা দেখিবলৈ নতুন মডেলৰ গাড়ীখন বহু পৰিমাণে এমপিবি ভাৰত–স্পেকৰ মডেলৰ দৰেই । কিন্তু ইয়াৰ মাজত সৰু সৰু কিছুমান পৰিৱৰ্তন কৰা হৈছে । নতুন মডেলৰ এই গাড়ীখনত লেফ্ট হেণ্ড ড্ৰাইফ ছেটআপ, এটা বিকল্প বডী কিট আৰু নতুন এলয় হুইল ব্যৱহাৰ কৰা হৈছে ।
২০২৩ ছুজুকী আৰ্টিগা গাড়ীখনত কিছু অতিৰিক্ত ফিচাৰ সংলগ্ন কৰা হৈছে । ভাৰত–স্পেক মাৰুতি ছুজুকী আৰ্টিগাত ৭.০ ইঞ্চিৰ স্মাৰ্ত প্লে প্ৰো টাচস্ক্ৰীণ ইনফোটেইনমেণ্ট ছিষ্টেম ব্যৱহাৰ কৰা হৈছে । কিন্তু ৰপ্তানি কৰা ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত ৯.০ ইঞ্চিৰ ডাঙৰ ইউনিট ব্যৱহাৰ কৰা হৈছে ।
২০২৩ ছুজুকী আৰ্টিগা গাড়ীত এনড্ৰইড অটো, এপল কাৰ প্লে আৰু ছুজুকী কানেক্টেড কাৰ টেকনিক ব্যৱহাৰ কৰা হৈছে । ইয়াৰ উপৰি ২০২৩ ছুজুকী আৰ্টিগা গাড়ীখনত ৩৬০ ডিগ্ৰী কেমেৰা ব্যৱহাৰ কৰা হৈছে । ইয়াৰ উপৰি ২০২৩ ছুজুকী আৰ্টিগা গাড়ীখনত ভাৰত–স্পেক মডেলৰ কিছু হাইটেক ফিচাৰ ব্যৱহাৰ কৰা হৈছে ।
ভাৰত–স্পেক মাৰুতি ছুজুকী আৰ্টিগা গাড়ীত কে১৫চিৰ ১.৫ লিটাৰৰ নেচাৰেল এষ্টিমেডেট পেট্ৰ’ল ব্যৱহাৰ কৰা হয়। কিন্তু ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত পুৰণি কে১৫বি মটৰ ব্যৱহাৰ কৰা হৈছে । ভাৰত–স্পেক মাৰুতী ছুজুকী আৰ্টিগা গাড়ী আৰু ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত বেছ কিছু সালসলনি আছে । ইয়াৰ উপৰি ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত কিছু নতুন ফিচাৰ ব্যৱহাৰ কৰা হৈছে ।
২০২৩ ছুকুৰী আৰ্টিগা গাড়ীত ৫ স্পীড মেনুৱেল গিয়েৰবক্স পেডেল ছিফটাৰৰ সৈতে ৬ স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক ট্ৰান্সমিচন ব্যৱহাৰ কৰা হৈছে। বৰ্তমান ভাৰতত মাৰুতী ছুজুকী আৰ্টিগা গাড়ীৰ দাম ৮.৪১ লাখ টকাৰ পৰা আৰম্ভ হৈ ১২.৭৯ লাখ টকাৰ ভিতৰত । কিন্তু ২০২৩ ছুজুকী আৰ্টিগা গাড়ীৰ দাম কিমান হ’ব সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই । কোম্পানীৰ ফালৰ পৰা ২০২৩ ছুজুকী আৰ্টিগা গাড়ীৰ মডেলখন কেৱল প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰি জানিব পৰা মতে, ২০২৩ ছুজুকী আৰ্টিগা গাড়ী ভাৰততে তৈয়াৰ কৰি বিদেশৰ বজাৰলৈ ৰপ্তানি কৰা হ’ব ।
লগতে পঢ়ক:Tata group big announcement: সাতটা মেটেল কোম্পানীৰ সৈতে টাটা গ্ৰুপৰ একত্ৰীকৰণ