নেশ্যনেল ডেস্ক,22 ডিচেম্বৰ: ভাৰতীয় সেনাত যোগদান শ্বহীদ নৌ সেনা বিষয়াৰ পত্নীৰ ৷ নিজৰ স্বামীৰ দৰে ভাৰত মাতৃৰ সেৱাৰ বাবে ভাৰতীয় সেনাত যোগদান কৰিলে নৌ সেনা বিষয়া স্বৰ্গীয় ধৰ্মেন্দ্ৰ সিং চৌহানৰ পত্নী কৰুণা চৌহানে ৷ আগ্ৰাৰ দয়ালবাগ বিশ্ববিদ্যালয়ৰ অধ্যাপক কৰুণাই 2019 বৰ্ষৰ 10 মাৰ্চত স্বৰ্গীয় ধৰ্মেন্দ্ৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷
বিয়াৰ পিছতেই তাৎক্ষণিকভাৱে কৰ্তব্যত যোগদান কৰিছিল ধৰ্মেন্দ্ৰ সিং চৌহানে ৷ আই এন এচ বিক্ৰমাদিত্যত দায়িত্বত থকা ধৰ্মেন্দ্ৰই, কৰ্ণাটক বন্দৰত উপস্থিত হোৱাৰ পূৰ্বে আই এন এচ বিক্ৰমাদিত্যত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱায় ৷ অনাকাংশিতভাৱে বিবাহৰ 40 দিন পিছতেই বিধবাৰ বসন পৰিধান কৰিবলগীয়া হয় কৰুণাই ৷
যদিও কৰুণাই কয় যে, স্বামীৰ মৃত্যুৰ বাতৰিয়ে তেঁওক সম্পূৰ্ণৰূপে বিধস্ত কৰি পেলাইছিল ততাপিও তেওঁ গৌৰৱান্বিত যে তেওঁৰ স্বামীয়ে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছে ৷ এই অনাকাংশিত বাতৰি লাভ কৰা সময়ত স্বামীগৃহত আছিল কৰুণা ৷
প্ৰতিগৰাকী নাৰীৰ দৰে কৰুণাৰো নিজৰ বিয়া আৰু কেৰিয়াৰক লৈ যথেষ্ট সপোন আছিল ৷ ধৰ্মেন্দ্ৰক তেঁও উপযুক্ত জীৱন সংগী হিচাপে লাভ কৰিছিল ৷ কিন্তু হঠাতে সকলো সলনি হৈ যায় ৷ প্ৰথমাৱস্থাত তেঁও সম্পূৰ্ণৰূপে অসহায় অনুভৱ কৰিছিল যদিও ধৰ্মেন্দ্ৰৰ মাতৃ টিনা কুৱৰ চৌহান আৰু পিতৃ কষ্ণ সিং চৌহানে তেখেতক যথেষ্ট সাহয় প্ৰদান কৰে ৷