নেচনেল ডেস্ক,২৩ জুলাই: কেৱল যৌন উৎপীড়নৰ বাবেই ভুক্তভোগী আৰু অভিযুক্তৰ মাজত বিবাহ বা সন্তানৰ জন্মই ধৰ্ষণৰ অপৰাধ হ্ৰাস নকৰে (Delhi high court on rape)। তদুপৰি এই কাৰ্যই ঘৃণনীয় অপৰাধক পবিত্ৰ নকৰে বুলি উল্লেখ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে । এটা গোচৰত অভিযুক্ত আৱেদনকাৰীৰ জামিন খাৰিজ কৰি ন্যায়াধীশ অনুপ কুমাৰ মেণ্ডিৰাট্টাই কয় যে এগৰাকী নাবালিকাক প্ৰলোভিত কৰা আৰু শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো কোনো ধৰণে গ্ৰহণ কৰিব নোৱাৰি (Delhi high court Justice Anoop Kumar Mendiratta)। ভুক্তভোগীগৰাকী ২০১৯ চনৰ ছেপ্টেম্বৰত নিৰুদ্দেশ হৈছিল আৰু অৱশেষত ২০২১ চনৰ অক্টোবৰত তেওঁৰ ৮ মাহৰ এটি কন্যা সন্তানৰ সৈতে অভিযুক্ত আবেদনকাৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল । এই সময়ত ভুক্তভোগীগৰাকী গৰ্ভৱতীও আছিল ।
ন্যায়াধীশগৰাকীয়ে এগৰাকী নাবালিকাৰ সন্মতিত ধৰ্ষণ হোৱাটো আইনত অপ্ৰয়োজনীয় বুলি উল্লেখ কৰি কয় যে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত আনকি অভিযুক্ত অপহৰণকাৰীৰ প্ৰতি নাবালিকাৰ মোহকো বৈধ প্ৰতিৰক্ষা হিচাপে অনুমতি দিব নোৱাৰি । ধৰ্ষণ সমাজৰ বাবে এক অক্ষমনীয় অপৰাধ । 'কেৱল আবেদনকাৰীয়ে দাবী কৰিছে যে, ভুক্তভোগীৰ সৈতে এটা মন্দিৰত বিবাহ সম্পন্ন কৰা হৈছিল । এই ঘটনাটোৰ সময়ত ভুক্তভোগীগৰাকী 15 বছৰৰ তলৰ হোৱাৰ বাবে এই অপৰাধক পবিত্ৰ হিচেপে গন্য় কৰিব নোৱাৰি ।' ন্যায়ালয়ে 22 জুলাইৰ এক শুনানিত এইদৰে কয়।