নিউজ ডেস্ক, ২৪ জানুৱাৰী: উত্তৰ প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । সম্পত্তিক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনা । ৫২ বছৰীয়া এগৰাকী ব্য়ক্তিক নৃশংসভাৱে হত্যা । সম্পত্তিক কেন্দ্ৰ কৰি সংঘটিত এই ঘটনাত মৃত্যু হোৱা লোকজন ভোজীপুৰা অঞ্চলৰ জগনলাল যাদৱ ।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, জগনলাল যাদৱ কেইবাকোটি টকাৰ পৈতৃক সম্পত্তিৰ গৰাকী আছিল । এই সম্পত্তিসমূহ তেওঁ তুলি লোৱা পুত্ৰৰ হাতত অৰ্পন কৰিবলৈ যোৱাৰ পাচতে তেওঁক কোনো অচিনাক্ত দুৰ্বত্তই কাপোৰেৰে ডিঙি ডেপি হত্যা কৰে । উল্লেখ্য যে, জগনলাল যাদৱে দহবাৰকৈ বিয়া কৰোৱাইছিল । এই ঘটনাটো তিনিদিন পূৰ্বে সংঘটিত হৈছিল ।
এই সন্দৰ্ভত আৰক্ষী বিষয়া মনোজ কুমাৰ ত্যাগীয়ে হত্যাৰ অভিযোগত এক এজাহাৰ দাখিল কৰিছে । ইতিমধ্য মৰণোত্তৰ পৰীক্ষাত জগনলালক ডিঙি ডেপি হত্যা কৰা বুলি ধৰা পৰিছিল । ইয়াৰোপৰি তেওঁৰ মূৰত চোকা অস্ত্ৰৰে আঘাত কৰাৰ সামান্য আঘাতো পৰিলক্ষিত হয় ।