নেচনেল ডেস্ক, 16 মে’:বাল্য বিবাহ আমাৰ সমাজৰ এক মাৰাত্মক ব্যাধি (Child marriage in Indian society) ৷ আইনৰ দৃষ্টিত অপৰাধ হোৱা স্বত্বেও পিছে দেশৰ ভিন্ন প্ৰান্তত এতিয়াও চলি আছে এই বিবাহ ৷ শেহতীয়াকৈ তেলেংগানাৰ ৰংগাৰেড্ডী জিলাৰ পাপিৰেড্ডী গুড়া গাঁৱত সংঘটিত এক বাল্য বিবাহৰ ঘটনা ৷ অভিযোগ মতে, ভুক্তভোগী 12 বছৰীয়া কন্যা গৰাকীক তেওঁৰ পিতৃ-মাতৃয়ে এজন 35 বছৰীয়া পুৰুষৰ সৈতে বিয়া দিয়াৰ চেষ্টা চলায় ৷
ঘটনা অনুসৰি, এলাম্মা আৰু গোপাল নামৰ দম্পতীয়ে এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰি এক কথাত যাযাবৰী জীৱন কটাইছে ৷ আৰ্থিক দৈন্যতাৰ মাজেৰে জীৱন অতিবাহিত কৰা দম্পত্তিটোৰ আছে এগৰাকী 12 বছৰীয়া কন্যা সন্তান৷ এতিয়া এই কন্যা সন্তানটিকেই ফাৰুক নগৰৰ ভেলিজাৰ্লা গাঁৱৰ বাসিন্দা এজন 35 বছৰীয়া পুৰুষলৈ বিয়া দিয়াৰ চেষ্টা কৰে এলাম্মা আৰু গোপালে ৷